NORTHEAST NOW (Assamese)
অসম

এইবাৰ মাস্ক পিন্ধাটো বাধ্যতামূলক কৰিলে দেশৰ আন এখন ৰাজ্যই, নিপিন্ধিলেই ৫০০ টকাৰ জৰিমনা

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী April 22, 2022 8:25 pm

দেশত পুনৰ ঘূৰি আহিব পাৰে কোভিডৰ সেই ভয়াৱহ দিন বোৰ।

আপাততঃ তেনে আশংকাই এতিয়া ঘনীভূত হৈছে।

কোভিডৰ চতুৰ্থ ঢৌৱে দেশত একপ্ৰকাৰ সংহাৰ আৰম্ভ কৰাৰ সময়তে দিল্লী, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশে মাস্ক পিন্ধাটো বাধ্যতামূলক কৰিছে।

উক্ত ৰাজ্য কেইখনৰ পিছত আজি তামিলনাডু চৰকাৰেও মাস্ক পিন্ধাটো বাধ্যতামূলক কৰাৰ কথা ঘোষণা কৰিছে। শুকুৰবাৰে তামিলনাডু চৰকাৰে জাৰি কৰা এক নিৰ্দেশনাত কয় যে এইক্ষেত্ৰত নিয়ম উলংঘনকাৰীসকলে জৰিমনা হিচাপে ৫০০ টকা আদায় দিব লাগিব।

তামিলনাডুতো যোৱা কেইদিনমানত নতুন ৰোগীৰ সংখ্যা বৃদ্ধি হৈছে।

আই.আই.টি. মাদ্ৰাজৰ বাৰজন শিক্ষাৰ্থী কোভিডত আক্ৰান্ত হোৱাৰ পিছত শিক্ষা প্ৰতিষ্ঠান খনৰ চৌহদ কোভিড জোন হিচাবে ঘোষণা কৰা হৈছে।

দেশত কোভিডৰ চতুৰ্থ ঢৌ একপ্ৰকাৰ আৰম্ভ হোৱাৰ সময়তে দিল্লীতো কোভিডে পুনৰ সংহাৰী ৰূপ ধাৰণ কৰিছে।

ৰাজধানী চহৰ খনত প্ৰতিদিনে কোভিডত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাই গৈছে। এনে পৰিস্থিতিত দিল্লীত পুনৰ মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিছে দিল্লীৰ চৰকাৰে।

দিল্লী চৰকাৰৰ অধীনস্থ দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই বুধবাৰে ৰাজধানী চহৰ খনত মাস্ক পিন্ধাটো বাধ্যতামূলক বুলি ঘোষণা কৰে।

ইয়াৰ পূৰ্বে বিভাগটোৱে মাস্ক পিন্ধাৰ বিধি প্ৰত্যাহাৰৰ নিৰ্দেশ দিছিল। কিন্তু কোভিড পৰিস্থিতিৰ ক্ৰমাৎ অৱনতি হোৱালৈ চাই বিভাগটোৱে আদি পূৰ্বৰ নিৰ্দেশ বাতিল কৰিছে।

 দিল্লীৰ উপ-ৰাজ্যপালৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকৰ পিছতে ৰাজধানী চহৰ খনত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰাৰ নিৰ্দেশ জাৰি কৰা হয়।

যিসকল লোকে ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰে তেওঁলোকক ৫০০ টকাৰ জৰিমনা বিহা হ’ব বুলিও দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই প্ৰকাশ কৰিছে ।