NORTHEAST NOW (Assamese)
অসম

বঙাইগাঁৱত জনগোষ্ঠীয় সমন্বয় উৎসৱ উদযাপন

Posted by: প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও Updated by: প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও April 23, 2022 8:29 am

বঙাইগাঁও শিক্ষা খণ্ডৰ অধীনৰ ছিটকাগাঁও মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত আৰু সমগ্ৰ শিক্ষা বঙাইগাঁৱৰ সহযোগত ২৮১ নম্বৰ দৌলগুৰী ৰাভাপাৰা প্ৰাথমিক বিদ্যালয়ত জনগোষ্ঠীয় সমন্বয় উৎসৱ-২০২২ উদযাপন কৰা হয়৷

ছিটকাগাঁও মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত মুঠ দহখন প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকলে জনগোষ্ঠীয় উৎসৱত অংশগ্ৰহণ কৰে ৷ এ

ই উৎসৱৰ লগত সংগতি ৰাখি পুৱাৰ ভাগত শোভাযাত্ৰা উলিয়াই জনগণৰ দৃষ্টি আকৰ্ষণ কৰে ৷

জনগোষ্ঠীয় সমন্বয় উৎসৱত বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰী আৰু অভিভাৱক সকলে অসমৰ বিভিন্ন জাতি, জনগোষ্ঠীৰ লোক নৃত্য প্ৰদৰ্শন কৰে ৷

সমাৰোহত বঙাইগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত শ্যামল ক্ষেত্ৰ গগৈ, বিদ্যালয় সমূহৰ উপ পৰিদৰ্শক ভদ্ৰাৱতী বৰ্মন, চি আৰ চি চি, কেইবাগৰাকী শিক্ষা বিষয়া আৰু সংশ্লিষ্ট দহখন বিদ্যালয়ৰ শিক্ষক সকল উপস্থিত থাকে।

অনুষ্ঠানত কণ কণ ছাত্ৰ-ছাত্ৰী সকলে নিজৰ লগতে অন্য জনগোষ্ঠীৰ কলা- সংস্কৃতিৰ বিষয়ে সম্যক জ্ঞান লাভ কৰাৰ লগতে অভিভাৱক সকলেও বিদ্যালয়ৰ পৰিৱেশৰ লগত একাত্ম হ’ব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি জনগোষ্ঠীয় উৎসৱ উদযাপন কৰে বুলি প্ৰকাশ কৰিছে সমল কেন্দ্ৰৰ সমন্বয়ক কনক চন্দ্ৰ ৰায়ে ৷