NORTHEAST NOW (Assamese)
অসম

মহিলাৰ ৪x৪০০ মিটাৰ ৰিলে’ত সপ্তম স্থানহে পালে হিমা দাসৰ দলে

Posted by: এন ই নাও নিউজ April 14, 2018 2:27 pm
HimaDas

অষ্ট্ৰেলিয়াৰ গ’ল্ড ক’ষ্টত চলিত কমনৱেল্থ গেইমছৰ আজি অনুষ্ঠিত মহিলাৰ ৪x৪০০ মিটাৰ ৰিলে’ৰ ফাইনেলত সপ্তম স্থানহে পালে হিমা দাসৰ ভাৰতীয় দলটোৱে। আজি ভাৰতীয় সময়মতে ১২.০৮ বজাত অনুষ্ঠিত ফাইনেলত পদক জয়ৰ লক্ষ লৈ দৌৰা ভাৰতীয় মহিলা দলটো শেষৰ ফালৰ পৰা দ্বিতীয় স্থানত ৰয়। ভাৰতীয় দলটোত হিমাৰ উপৰি পশ্চিম বংগৰ ছোনিয়া বৈশ্য, কৰ্ণাটকৰ পূভাম্মা ৰাজু আৰু গুজৰাটৰ সৰিতাবেন গাইকোৱাড়ো আছিল।

চলিত কমনৱেল্‌থ গেইমছত চমকপ্ৰদ প্ৰদৰ্শন কৰা অসমৰ হিমা দাসৰ বাবে এইটো আছিল বৃহৎ প্ৰতিযোগিতাখনত ব্যক্তিগত দ্বিতীয়টো ফাইনেল।

ট্ৰেকত সদায়ে দমন অব্যাহত ৰখা জামাইকাই এই ৰিলেই ফাইনেলৰ স্বৰ্ণ পদক দখল কৰাৰ লগতে আফ্ৰিকান দেশ নাইজেৰিয়া আৰু বটছোৱানে ক্ৰমে ৰূপৰ আৰু ব্ৰঞ্জৰ পদক পায়।

ভাৰতে তাৰ পিছত ক্ৰমে স্থান লোৱা ইংলেণ্ড, অষ্ট্ৰেলিয়া আৰু স্কটলেণ্ডৰ পিছত ৰয়। ভাৰতৰ পিছত অন্তিমটো স্থানৰ দল হয় উগাণ্ডা।

উল্লেখযোগ্য যে হিমা দাসে প্ৰথমবাৰ কমনৱেল্‌থ গেইমছত ভাগ লৈয়ে মহিলাৰ ৪০০ মিটাৰৰ ফাইনেলত প্ৰৱেশ কৰিছিল। তেওঁ ফাইনেলত ষষ্ঠ স্থানত ৰ’লেও নিজৰ কেৰিয়াৰ শ্ৰেষ্ঠ প্ৰদৰ্শন কৰি সকলোৰে মনোযোগ আকৰ্ষণ কৰিছিল।