NORTHEAST NOW (Assamese)
দেশ

গুজৰাটৰ উপকূলত পাকিস্তানী নাও জব্দ: ন জনক আটক, উদ্ধাৰ নিচাজাতীয় সামগ্ৰী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 27, 2022 11:37 am
Pakistani boat apprehended near Gujarat coast

ভাৰতীয় উপকূলৰক্ষী বাহিনী আৰু গুজৰাট সন্ত্ৰাসবাদ বিৰোধী দলে এক যুটীয়া অভিযানত গুজৰাটৰ উপকূল অঞ্চলত ৯ জন ক্ৰু সদস্যৰ সৈতে এখন পাকিস্তানী মাছ ধৰা নাও জব্দ কৰে। নাওখনৰ পৰা কিছু নিচাজাতীয় সামগ্ৰীও উদ্ধাৰ কৰিছে বিভাগে।

গুজৰাটৰ আৰক্ষী সঞ্চালক প্ৰধান আশীষ ভাটিয়াই জানিবলৈ দিয়া মতে জব্দ কৰা হিৰ’ইনখিনি আফগানিস্তানৰ বুলি নাৰ্কোটিক্স নিয়ন্ত্ৰণ ব্যুৰোয়ে চিনাক্ত কৰিছে।

ভাটিয়াই কয়, “আটক কৰা লোকসকলক অধিক অনুসন্ধানৰ বাবে গুজৰাট সন্ত্ৰাসবাদ বিৰোধী দলৰ কাৰ্যালয়লৈ অনা হৈছে। এজন চোৰাং ব্যৱসায়ীক কৰাচীৰ মুস্তাফা বুলি চিনাক্ত কৰা হৈছে। তেওঁলোকে ভাৰতীয় জলসীমাত প্ৰৱেশ কৰিছিল।”

চোৰাংচোৱা তথ্যৰ আধাৰত উপকূলৰক্ষী বাহিনী আৰু সন্ত্ৰাসবাদ বিৰোধী দলটোৱে ভাৰতীয় জলসীমাত প্ৰৱেশ কৰা ‘আল হাজ’ নামৰ নাওখন জব্দ কৰিছিল।

নাওখনে কেইবাপেকেটো নিচাজাতীয় সামগ্ৰী সাগৰত পেলাই দিয়াৰ পিছত পাকিস্তানলৈ উভতি যাবলৈ চেষ্টা কৰিছিল।

এনে অৱস্থাত অভিযানকাৰী দলটোৱে নাওখন ৰখাবলৈ হুলৰ ওপৰেৰে সতৰ্কবাণী মূলক গুলী চালনা কৰিবলৈ বাধ্য হয় বুলি বিষয়াসকলে জানিবলৈ দিয়ে।

গুলীচালনাত নাওখনত থক তিনিজন ব্যক্তি সামান্য আঘাতপ্ৰাপ্ত হয় বুলিও তেওঁলোকে উল্লেখ কৰিছে।