NORTHEAST NOW (Assamese)
উত্তৰ-পূব

 ‘মাতাম্‌গি মণিপুৰ’ চলচ্চিত্ৰৰ ওপৰত লিখা গ্ৰন্থক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ সন্মান

Posted by: সভাপতি চামম April 14, 2018 3:37 pm
matamgi manipur

ববি ৱাহেংবামৰ মাতাম্‌গি  মণিপুৰ : দ্য ফাৰ্ষ্ট মণিপুৰী ফিছাৰ ফিল্ম’ নামৰ চলচ্চিত্ৰৰ ওপৰত লিখা কিতাপখনক  শুকুৰবাৰে ঘোষণা কৰা ৬৫সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা-২০১৮ ৰ চলচ্চিত্ৰৰ ওপৰত লিখা সৰ্বশ্ৰেষ্ঠ গ্ৰন্থৰ বঁটা প্ৰদান কৰা হৈছে। এইবাৰ প্ৰথমবাৰৰ বাবে সন্মানীয় ৰাষ্ট্ৰীয় চলচ্চিত্ৰৰ বঁটা এখন গ্ৰন্থক প্ৰদান কৰা হৈছে। পূৰ্বৰ দৰেই এইবাৰো মে’ মাহৰ ৩ তাৰিখে ৰাষ্ট্ৰপতিয়ে বিজয়ীসকলক সম্মানিত কৰিব।

এই কিতাপখনে মণিপুৰৰ আঞ্চলিক চলচ্চিত্ৰই জন্মলাভ কৰা সামাজিক-ৰাজনৈতিক পৰিৱেশৰ এটা স্পষ্ট ছবি তুলি ধৰিছে। চলচ্চিত্ৰখন নিৰ্মাণৰ সৈতে জড়িত দলটোৰ সপোন, প্ৰত্যাহ্বান, প্ৰস্তুতি, কাৰ্য সম্পাদন আৰু কৃতকৃৰ্যতাৰ এটা অনুভৱী ছবি তুলি ধৰিছে। চলচ্চিত্ৰখনৰ সমালোচনাত্মক বিশ্লেষণে কিতাপখনক অন্তৰ্দৃষ্টিসম্পন্ন আৰু প্ৰশংসাযোগ্য কৰি তুলিছে।

ববিয়ে মাতাম্‌গি মণিপুৰ প্ৰযোজনা হোৱাৰ পূৰ্বে চলচ্চিত্ৰৰ তত্ব, বিশ্বৰ চলচ্চিত্ৰ আৰু মণিপুৰী চলচ্চিত্ৰৰ এটা চমু বিশ্লেষণাত্মক প্ৰৱন্ধ লিখিছে।কিতাপখনত চলচ্চিত্ৰখনৰ নিৰ্মাণৰ আঁৰৰ কথা,  পটভূমিৰ কথা, আৰু প্ৰকাশ্য আৰু বোধগম্য দুয়োটা দিশেই আন্তৰিকভাৱে অধ্যয়ন কৰা হৈছে।

কিতাপখনত মণিপুৰত এতিয়ালৈকে চেলুলয়ডত নিৰ্মাণ কৰা চলচ্চিত্ৰসমূহৰ পৰিচালক আৰু প্ৰযোজকসহ এখন তালিকা দিয়া হৈছে। লগতে বিশিষ্ট চলচ্চিত্ৰসমূহৰ ওপৰত এক বা দুইশাৰি লিখাও হৈছে।

220px-Matamgi_Manipur astill from the film
মাতাম্গি মণিপুৰ চলচ্চিত্ৰখনৰ এটা স্থিৰচিত্ৰ

ববি ৱাহেইনবামক ৱাহেইনবাম সিং বুলিও জনা যায়। ৪৭ বছৰীয়া ববিয়ে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে বোম্বে বিশ্ববিদ্যালয়ৰ পৰা। ফিল্ম প্ৰযোজনাৰ ডিপ্লমা (এক্স আই চি মুম্বাই), চাৰ্টিফিকেট অন ফিল্ম এপ্ৰিচিয়েশ্যন (এফ টি আই আই, পুনে) লাভ কৰাৰ লগতে গ্যান কোৰেয়া, সঞ্জয় তালৰেজা, লানচা আৰু জাহ্নু বৰুৱাৰ সৈতে কাম কৰিছে।

চাৰি বছৰতকৈও অধিক কালৰ পৰা তেওঁ পিপ্‌ল’ছ ক্ৰনিক্‌ল নামৰ এখন দৈনিক ইংৰাজী কাকতত প্ৰতি দেওবাৰে নিয়মীতভাৱে চলচ্চিত্ৰৰ ওপৰত স্তম্ভ লেখক হিচাপে লিখা-মেলা কৰি আছে। মণিপুৰী ভাষাৰ পোকনাফাম, দ্য ছাগাই এক্সপ্ৰেছ, ইম্ফল ফ্ৰী প্ৰেছ, হউৱেইয়েন লানপাও আদিত তেওঁ ১৯৯৯ চনৰ পৰাই লেখা-মেলা কৰি আহিছে।

তেওঁৰ কিতাপ ‘মণিপুৰী চিনেমা: এ ৱৰ্ড অব ইট্‌ছ অওন’ হৈছে মণিপুৰী চলচ্চিত্ৰৰ ওপৰত লিখা সৰ্বশ্ৰেষ্ঠ কিতাপ। তেওঁক ২০১৬ চনৰ সৰ্বশ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচকৰ বঁটাও প্ৰদান কৰা হৈছে।