NORTHEAST NOW (Assamese)
অসম

যুদ্ধৰ আঁৰৰ খৱৰ: ডলাৰৰ বিপৰীতে অবিশ্বাস্যভাৱে বৃদ্ধি পাইছে ৰাছিয়াৰ মুদ্ৰাৰ মূল্য!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 2, 2022 7:23 am

নিজৰ ‘অবন্ধুসুলভ’ দেশসমূহক ৰাছিয়াৰ মুদ্ৰা ৰুবলৰ বিনিময়তহে ইন্ধন বিক্ৰী কৰা হ’ব। ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে কৰা এই ঘোষণাৰ পিছতে ডলাৰৰ বিপৰীতে বৃদ্ধি পাইছে ৰুবলৰ মূল্য।

চিএনএনৰ বাতৰি অনুসৰি যোৱা শুকুৰবাৰে বিগত দুই বছৰৰ ভিতৰত ডলাৰৰ বিপৰীতে আটাইতকৈ অধিক মূল্য আছিল ৰুবলৰ। সিদিনা ১ডলাৰৰ বিপৰীতে  আছিল ৬৮ৰুবল। যোৱা ৭ মাৰ্চত এই মূল্য আছিল প্ৰতি ১ ডলাৰৰ বিপৰীতে ১৩৫ৰুবল।

বাতৰি অনুসৰি, ইউক্ৰেইনত ৰাছিয়াৰ সামৰিক অভিযানৰ প্ৰতিক্ৰিয়া হিচাপে আৰোপ কৰা নিষেধাজ্ঞাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি পাশ্চাত্যৰ বিভিন্ন দেশত ৰাছিয়াৰ সম্পদৰ এক বৃহৎ অংশ আৱদ্ধ হৈ আছে।

ৰাছিয়াই সেই জব্দ হোৱা সম্পদৰ আৰ্থিক ক্ষতিপূৰণৰ বাবে বিকল্প উপায় হিচাপে ৰাছিয়াই দেশৰ তেল আৰু গেছ কেবল ৰুবলতহে বিক্ৰী কৰাৰ কথা ঘোষণা কৰে।

ৰাছিয়াৰ এই ঘোষণাৰ পিছতে যোৱা দুমাহত ৰুবলৰ দৰ বহুগুণে বৃদ্ধি পাইছে। সেয়ে ডলাৰৰ সৈতে ৰুবলৰ মূল্যত বিৰাট এক পাৰ্থক্য ধৰা পৰিছে।

উল্লেখ্য যে ৰাছিয়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিলেও ইউৰোপৰ কেইবাখনো দেশে ৰাছিয়াৰ পৰা ৰুবলৰ বিনিময়তে তেল আৰু গেছ ক্ৰয় কৰিবলগা হৈছে।