NORTHEAST NOW (Assamese)
দেশ

“প্ৰধানমন্ত্ৰী মোদী -গৃহমন্ত্ৰী অমিত শ্বাহ হিন্দু হোৱাৰ পিছতো কিদৰে হিন্দু সংকটত পৰিছে”: বিজেপিলৈ প্ৰশ্ন শেল তেজস্বী যাদৱৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 4, 2022 9:02 am
Tejaswi Yadav attacks BJP

দেশত হিন্দু সংকটত বুলি প্ৰচাৰ কৰি হিন্দুত্ববাদী ৰাজনীতিৰ জৰিয়তে জনতাক আভুৱা ভাৰি অহা বিজেপিক এইবাৰ তীব্ৰ প্ৰশ্ন শেলেৰে আক্ৰমণ কৰিছে বিহাৰৰ বিৰোধী দলপতি তেজস্বী যাদৱে।

বিজেপিক আক্ৰমণ কৰি বিৰোধী দলপতি তেজস্বী যাদৱে প্ৰশ্ন কৰিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ নিজে হিন্দু হোৱাৰ সময়ত দেশৰ হিন্দুসকল কেনেকৈ বিপদত পৰিছে।

তদুপৰি বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু প্ৰতিৰক্ষা বিভাগৰ তিনিওটা শাখাৰ সকলো মুৰব্বী হিন্দু হোৱাৰ পিছতো দেশত হিন্দু সম্প্ৰদায় কেনেকৈ বিপদত আছে বুলিও প্ৰশ্ন কৰে যাদৱে।

মঙ্গলবাৰে পৰশুৰাম জয়ন্তী উপলক্ষে পাটনাত ভূমিহাৰ আৰু ব্ৰাহ্মণ সম্প্ৰদায়ৰ লোকসকলৰ এক সমাৱেশক সম্বোধন কৰি তেজস্বীয়ে কয় যে বিজেপিয়ে ইচ্ছাকৃতভাৱে এটা ভুল আখ্যান প্ৰচাৰ কৰি আছে।

মূল্যবৃদ্ধি, নিবনুৱা সমস্যা, কৃষকৰ সমস্যা আৰু প্ৰব্ৰজনৰ দৰে প্ৰকৃত বিষয়ৰ পৰা জনতাক আঁতৰাই ৰাখিবলৈয়ে বিজেপিয়ে হিন্দুসকল বিপদত আছে বুলি প্ৰচাৰ কৰিছে বুলিও মন্তব্য কৰে যুৱ নেতা জনে।

বিহাৰত বিজেপিৰ ভোটবেংক হিচাপে বিবেচিত ভূমিহাৰ আৰু ব্ৰাহ্মণ সম্প্ৰদায়ক বিজেপিৰ এই অপ-প্ৰচাৰত ভোল নগৈ আৰজেডিক সমৰ্থন কৰিবলৈ আহ্বান জনায় যাদৱে।