NORTHEAST NOW (Assamese)
দেশ

প্ৰাণনাশক টায়াৰ! বুলডোজাৰৰ টায়াৰ বিস্ফোৰণত প্ৰাণ গ’ল দুজনৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 5, 2022 3:33 pm
Two died in tire burst

ছত্তীশগড়ৰ ৰায়পুৰ জিলাত এক বিস্ফোৰণত নিহত হৈছে দুজন ব্যক্তি। পিছে বোমা বিস্ফোৰণৰ বাবে নহয়, এটা টায়াৰৰ বিস্ফোৰণতহে এই ব্যক্তি দুজনে প্ৰাণ হেৰুৱাবলগীয়া হৈছে।

ৰায়পুৰৰ এটা গেৰেজত বুলডোজাৰৰ এটা টায়াৰ বিস্ফোৰণৰ ফলত এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে।

৩ মে’ত ৰায়পুৰৰ চিলতাৰা ঔদ্যোগিক এলেকাত সংঘটিত এই ঘটনা চিচিটিভি কেমেৰাত বন্দী হৈছিল।

ভিডিঅ’ ফুটেজত এজন কৰ্মীয়ে টায়াৰটোত পাম্প দি থকা দেখিবলৈ পোৱা গৈছে।

কিছু সময় পিছত আন এজন ব্যক্তিয়ে টায়াৰটোত বায়ুৰ চাপ পৰীক্ষা কৰিবলৈ টায়াৰটো কেইবাৰমান হেঁচি দিয়ে, যাৰ ফলত টায়াৰটোৰ বিস্ফোৰণ হয়।

এই শক্তিশালী বিস্ফোৰণত দুয়োজন লোক কৰ্ফাল খাই পৰে আৰু থিতাতে নিহত হয়।

নিহত ব্যক্তি দুজনক ৰাজপাল সিং আৰু প্ৰাঞ্জন নামদেৱ বুলি চিনাক্ত কৰা হৈছে। দুয়োজন ব্যক্তি মধ্য প্ৰদেশৰ ৰেৱা জিলাৰ বাসিন্দা বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

টায়াৰটোত প্ৰয়োজনতকৈ অধিক মাত্ৰাত বায়ু সোমোৱাৰ বাবেই এই বিস্ফোৰণ সংঘটিত হয় বুলি আৰক্ষীয়ে উল্লেখ কৰে।