NORTHEAST NOW (Assamese)
Popular Stories

ছেমিকণ্ডাক্টৰ প্ৰকল্পত অনুমোদনৰ সপ্তাহচেৰেক পাছতে বিজেপিক ৭৫৮ কোটি টকাৰ চান্দা টাটা গ্ৰুপৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 27, 2025 4:37 pm

দুহেজাৰ চৌবিশ চনৰ ২৯ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় মন্ত্ৰীসভাই তিনিটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত অনুমোদন জনায়। ইয়াৰে দুটা ছেমিকণ্ডাক্টৰ ইউনিটৰ নেতৃত্বত আছিল টাটা গ্ৰুপ। কেন্দ্ৰই প্ৰকল্প দুটাৰ বাবে ৪৪,২০৩ কোটি টকা ৰাজসাহায্য হিচাপে প্ৰদান কৰি ইউনিট নিৰ্মাণৰ আধা খৰচৰ বহন কৰিবলৈ সন্মত হয়।

এই কেবিনেট অনুমোদনৰ চাৰি সপ্তাহৰ পাছত টাটা গ্ৰুপে ভাৰতীয় জনতা পাৰ্টিলৈ ৭৫৮ কোটি টকা অনুদান হিচাপে আগবঢ়ায়। ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত দলটোলৈ আগবঢ়োৱা এয়া সৰ্ববৃহৎ অনুদান। মুঠতে টাটা গ্ৰুপৰ ১৫টা কোম্পানীয়ে ২০২৪-২৫ চনৰ ভিতৰত সংস্থাটোৰ প্ৰগ্ৰেছিভ ইলেক্টৰেল ট্ৰাষ্টৰ জৰিয়তে প্ৰায় ৯১৫ কোটি টকা ৰাজনৈতিক অনুদান আগবঢ়াইছিল, কেৱল টাটা ছন্স প্ৰাইভেট লিমিটেডে ৩০৮ কোটি টকা আগবঢ়াইছিল। বিজেপিৰ পিছত কংগ্ৰেছে ৭৭.৩ কোটি টকা লাভ কৰাৰ বিপৰীতে আন আঠটা দলে ১০ কোটি টকাকৈ লাভ কৰে।

উল্লেখ্য যে অনুদান প্ৰদান কৰা টাটা গ্ৰুপেই একমাত্ৰ প্ৰতিষ্ঠান নহয়। ফেব্ৰুৱাৰী মাহত অনুমোদিত তৃতীয়টো ছেমিকণ্ডাক্টৰ ইউনিট তামিলনাডুস্থিত মুৰুগাপ্পা গ্ৰুপে লাভ কৰিছিল। প্ৰতিষ্ঠানটোৱে ৩,৫০১ কোটি টকাৰ চৰকাৰী ৰাজসাহায্য লাভ কৰিছিল। অনুমোদন পোৱাৰ কিছু সময়ৰ পাছতে মুৰুগাপ্পা গ্ৰুপে বিজেপিক ১২৫ কোটি টকাৰ অনুদান আগবঢ়ায়। একেদৰে কায়নেছ টেকনলজিৰ ৰমেশ কুঁহিকান্ননে, যাৰ প্ৰতিষ্ঠানে পিছত গুজৰাটত ছেমিকণ্ডাক্টৰ ইউনিটৰ বাবে অনুমোদন লাভ কৰিছিল, তেওঁ ২০২৩-২৪ চনত বিজেপিক ১২ কোটি টকাৰ অনুদান আগবঢ়াইছিল।

লোকসভা নিৰ্বাচন আৰম্ভ হোৱাৰ মাত্ৰ কেইদিনমান পূৰ্বে ২০২৪ চনৰ এপ্ৰিল মাহত বিজেপিলৈ ৭৫৮ কোটি টকা হস্তান্তৰ নোহোৱালৈকে ২০২১ চনৰ পৰা ২০২৪ চনৰ ভিতৰত টাটা গ্ৰুপৰ প্ৰগ্ৰেছিভ ইলেক্টৰেল ট্ৰাষ্টে কোনো ৰাজনৈতিক অনুদান আগবঢ়োৱা নাছিল। ট্ৰাষ্টে ২০২৪ চনৰ ২ এপ্ৰিলত ১৫ টা টাটা কোম্পানীৰ পৰা ৯১৫ কোটি টকা লাভ কৰিছিল আৰু উক্ত দিনটোতে দহটা ৰাজনৈতিক দলক ৯১৪.৯ কোটি টকা বিতৰণ কৰা হৈছিল, যাৰ ৮২% (৭৫৭.৬ কোটি টকা) বিজেপিলৈ গৈছিল।

অনুমোদিত টাটা প্ৰকল্পসমূহৰ ভিতৰত আছে টাইৱানৰ পাৱাৰচিপ ছেমিকণ্ডাক্টৰ মেনুফেকচাৰিং কৰ্পৰেশ্যনৰ সহযোগত গুজৰাটৰ ধোলেৰাত সম্পূৰ্ণ ইন্টিগ্ৰেটেড চাৰ্কিট উৎপাদন প্ৰকল্প আৰু অসমৰ মৰিগাঁৱত খোলা এছেম্বলি, টেষ্টিং, আৰু পেকেজিং প্ৰকল্প। এই দুটা ইউনিটত টাটা গ্ৰুপে ১.১৮ লাখ কোটি টকা বিনিয়োগ কৰিছে, যাৰ ফলত ৪৬,০০০ পৰ্যন্ত চাকৰিৰ সৃষ্টি হব বুলি আশা কৰা হৈছে, মূলধনী ব্যয়ৰ আধা অংশ কেন্দ্ৰীয় ৰাজসাহায্য আৰু অসম চৰকাৰৰ অতিৰিক্ত ব্যয়ৰ দ্বাৰা সামৰি লোৱা হৈছে।

স্বতন্ত্ৰ সংবাদ মাধ্যম স্ক্ৰলে টাটা ছন্স আৰু ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়লৈ অনুদানৰ সময় সম্পৰ্কে প্ৰশ্ন প্ৰেৰণ কৰিছিল যদিও কোনো সঁহাৰি পোৱা নগ’ল।