NORTHEAST NOW (Assamese)
Popular Stories

৮,০০০ মিটাৰ উচ্চতাৰ পাঁচটা শৃংগ আৰোহণ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলাত পৰিণত প্ৰিয়ংকা মোহিতে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 6, 2022 10:08 am
Priyanka Mohite

পশ্চিম মহাৰাষ্ট্ৰৰ চাটাৰাৰ পৰ্বতাৰোহী প্ৰিয়ংকা মোহিতেই বৃহস্পতিবাৰে এক ঈৰ্ষণীয় সাফল্য অৰ্জন কৰিছে।

মোহিতেই কাঞ্চনজংঘা পৰ্বত আৰোহণ কৰাৰ লগে লগে ৮,০০০ মিটাৰ উচ্চতাৰ পাঁচটা শৃংগ আৰোহণ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা পৰ্বতাৰোহী হিচাপে স্বীকৃত হৈছে।

৩০ বৰ্ষীয় যুৱতী গৰাকীয়ে বৃহস্পতিবাৰে আবেলি ৪.৫২ বজাত পৃথিৱীৰ তৃতীয় সৰ্বোচ্চ পৰ্বত কাঞ্চনজংঘা (৮,৫৮৬ মিটাৰ) অভিযান সফলতাৰে সম্পূৰ্ণ কৰে।

২০২১ চনৰ এপ্ৰিল মাহত মোহিতেই বিশ্বৰ দশম সৰ্বোচ্চ পৰ্বত শৃংগ মাউণ্ট অন্নপূৰ্ণা (৮,০৯১ মিটাৰ) আৰোহণ কৰি এই কৃতিত্ব অৰ্জন কৰা প্ৰথম ভাৰতীয় মহিলা পৰ্বতাৰোহীত পৰিণত হৈছিল।

প্ৰিয়ংকা মোহিতেই ২০১৩ চনত বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট (৮,৮৪৯ মিটাৰ), ২০১৮ চনত মাউণ্ট ল’টছে (৮,৫১৬ মিটাৰ), মাউণ্ট মাকালু (৮,৪৮৫ মিটাৰ) আৰু মাউণ্ট কিলিমাঞ্জাৰো (৫,৮৯৫ মিটাৰ) আৰোহণ কৰিছিল।

শৈশৱৰে পৰা পৰ্বতাৰোহণৰ প্ৰতি আগ্ৰহী মোহিতেই কিশোৰ অৱস্থাত মহাৰাষ্ট্ৰৰ সহায়দ্ৰী পৰিসৰত পৰ্বত আৰোহণ আৰম্ভ কৰিছিল।

২০১৫ চনত প্ৰিয়ংকা মোহিতেই ৬,৪৪৩ মিটাৰ উচ্চতাৰ হিমাচল প্ৰদেশৰ লাহৌল আৰু স্পিতি জিলাৰ দ্বিতীয় সৰ্বোচ্চ শৃংগ মাউণ্ট মেন্থোচা আৰোহণ কৰিছিল।

বেংগালুৰুস্থিত পৰ্বতাৰোহীজনে ২০১৭-২০১৮ বৰ্ষৰ দুঃসাহসিক ক্ৰীড়াৰ বাবে মহাৰাষ্ট্ৰ চৰকাৰৰ শিৱ ছত্ৰপতি ৰাজ্যিক বঁটা লাভ কৰিছিল।

২০২০ চনত তেওঁ টেনজিং নৰ্গে এডভেঞ্চাৰ এৱাৰ্ডেৰে সন্মানিত হৈছিল।