NORTHEAST NOW (Assamese)
দেশ

হৃদৰোগত আক্ৰান্ত হৈ এভাৰেষ্টত মৃত্যুক সাবটিলে ভাৰতীয় মহিলাই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 8, 2022 5:23 pm
Indian woman died in Everest

নেপালৰ মাউণ্ট এভাৰেষ্টৰ বেচ কেম্প অভিমুখে ট্ৰেকিং কৰি থকা অৱস্থাতে মৃত্যৰ মুখত পৰিছে মুম্বাইৰ এগৰাকী ৫২ বছৰীয়া মহিলা চিকিৎসক।

হৃদৰোগত আক্ৰান্ত হোৱাৰ বাবেই মহিলাগৰাকীৰ মৃত্যু হয় বুলি তেওঁৰ পৰিয়ালৰ সদস্যসকলে জানিবলৈ দিছে।

“নেপালৰ এভাৰেষ্ট বেচ কেম্পত হৃদৰোগত আক্ৰান্ত হৈ গোৰেগাঁও অঞ্চলৰ বাসিন্দা ডাঃ প্ৰদন্যা সামন্তৰ মৃত্যু হয়।”— পৰিয়ালৰ এগৰাকী সদস্যই কয়।

অৱশ্যে যাত্ৰাপথত নিহত মহিলাগৰাকী কোনো দুৰ্ঘটনাৰ সন্মুখীন হোৱা নাছিল বুলি স্পষ্ট কৰি দিয়ে পৰিয়ালৰ সদস্য গৰাকীয়ে।

“তেওঁৰ মৃতদেহ আজি ৰাতি পলমকৈ এখন বিমানেৰে স্বগৃহলৈ অনা হ’ব। সোমবাৰে গোৰেগাঁৱৰ শিৱধাম শ্মশানত অন্তিম সংস্কাৰ সম্পন্ন কৰা হ’ব।” তেওঁ লগতে কয়।