NORTHEAST NOW (Assamese)
Popular Stories

মাত্ৰ এটা গীতেই সলনি কৰিলে ভাগ্যৰ চকৰী: কাচা বাদাম খ্যাত ভুবন বাদ্যকাৰে সাজিছে অট্টালিকা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 8, 2022 7:10 pm
kancha badam singer bhuban badyakar

ঘৰ সাজিছে ভুবন বাদ্যকৰে। ঘৰ বুলি ক’লে ভুল হ’ব, অট্টালিকা সাজিছে ‘কাচা বাদাম’খ্যাত গায়কজনে। লাখটকীয়া এই চালে চকু ৰোৱা অট্টালিকাটো তেওঁ বংগৰ বীৰভূমস্থিত নিজৰ বাসস্থানতে নিৰ্মাণ কৰি আছে।

অট্টালিকাৰ বাৰান্দাটো নিজা পৰিকল্পনামতে কিছু বেলেগ ধৰণে সাজিব বিচাৰে ভূবন বাদ্যকৰে।

ভাগ্যৰ চকৰী কিদৰে ঘূৰে তাৰ উৎকৃষ্ট উদাহৰণ হৈছে এই ভুৱন বাদ্যকৰ। বছৰ বছৰ ধৰি তেওঁ এটা ভিতৰুৱা অঞ্চলত বাদাম বিক্ৰী কৰি ফুৰিছিল।

নিজাকৈ সাজি উলিওৱা এটা গানেৰে তেওঁ ক্ৰেতাসকলক আকৃষ্ট কৰি আহিছিল। সেই গানটোৱেই পাছলৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে। দেশজুৰি বাজিব ধৰে- বাদাম বাদাম দা কাঁচা বাদাম…!

গানটো ইমানেই জনপ্ৰিয় হৈ পৰে যে ইয়াৰ পাছৰ পৰা ভুবন বাদ্যকৰে আৰু পাছলৈ চোৱা নাই। আহিছে অশেষ জনপ্ৰিয়তা আৰু প্ৰচুৰ ধন। গাড়ীও কিনিছে তেওঁ। এইবাৰ সাজিবলৈ উলাইছে অট্টালিকা!

জানিব পৰা মতে, নিজৰ সপোনৰ ঘৰটোক লৈও তেওঁ এটা গান সৃষ্টি কৰিবলৈ উলাইছে। অতিশ্ৰীঘ্ৰে শ্ৰোতাসকলে গানটো শুনিবলৈ পাব।