NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

ইউৰোপলৈ পুনৰ অশুভ শক্তি ঘূৰি আহিছে: ৰাছিয়াৰ আক্ৰমণক নাজী বাহিনীৰে তুলনা জেলেনস্কিৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 8, 2022 8:33 pm
Volodymyr Zelensky

“ইউৰোপলৈ পুনৰ অশুভ শক্তি ঘূৰি আহিছে”- ৰাছিয়াৰ আক্ৰমণক নাজী জাৰ্মানীৰ সৈতে তুলনা কৰি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে আজি এই মন্তব্য কৰিছে।

দ্বিতীয় বিশ্বযুদ্ধৰ স্মৃতিত এক ভাষণ প্ৰদান কৰি এইদৰে কয় ইউক্ৰেইনথ ৰাষ্ট্ৰপতি গৰাকীয়ে।

এটা ভিডিঅ’ সম্বোধনত জেলেনস্কিয়ে কয়, “দ্বিতীয় বিশ্বযুদ্ধৰ কেইবা দশকৰ পিছত, ইউক্ৰেইনলৈ অন্ধকাৰ ঘূৰি আহিছে।”

দ্বিতীয় বিশ্বযুদ্ধৰ আৰ্কাইভ ফুটেজ আৰু ৰাছিয়াৰ আক্ৰমণৰ ফুটেজ দেখুওৱা ভিডিঅ’টোত তেওঁ লগতে কয়, “এক পৃথক সাজ-পাৰত, পৃথক বিভিন্ন শ্ল’গানেৰে অশুভ শক্তি ঘূৰি আহিছে। কিন্তু উদ্দেশ্য সেই একেই।”

ৰাছিয়াই নাজীবাদৰ ধাৰণা, শব্দ আৰু প্ৰতীক ব্যৱহাৰ কৰি ৰক্তক্ষয়ী পৰিৱেশ ঘূৰাই অনাৰ নাজীবাদী নীতি কাৰ্যকৰী কৰাৰ অভিযোগ উত্থাপন কৰে জেলেনস্কিয়ে।

তেওঁ কয় যে মস্কোৰ সৈন্যবাহিনীয়ে নাজীৰ অত্যাচাৰ প্ৰতিফলিত কৰিছে আৰু এই অত্যাচাৰক এক পবিত্ৰ উদ্দেশ্য প্ৰদান কৰাৰ যৌক্তিকতা প্ৰদান কৰিছে।