NORTHEAST NOW (Assamese)
অসম

কাইলৈ গুৱাহাটী মহানগৰীত ২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব সকলো পেট্ৰ’ল পাম্প

Posted by: কল্পজোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজোতি শইকীয়া, গুৱাহাটী May 12, 2022 5:59 pm

শুকুৰবাৰৰ পৰা ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটীত পেট্ৰ’ল পাম্পসমূহ ২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব।

গুৱাহাটীত পেট্ৰ’ল পাম্প বন্ধৰ কথা নৰ্থ ইষ্ট ইণ্ডিয়া পেট্ৰ’লিয়াম ডিলাৰ এছ’চিয়েশ্যনে (এনইআইপিডিএ) ঘোষণা কৰিছে।

“অইল কোম্পানীয়ে পৰিবহনকাৰীসকলৰ সৈতে লগ লাগি, কেতিয়াবা আনকি মজদুৰ ইউনিয়নৰ সৈতেও বেআইনী বাণিজ্য চলোৱাৰ” অভিযোগ তুলি নৰ্থ ইষ্ট ইণ্ডিয়া পেট্ৰ’লিয়াম ডিলাৰ এছ’চিয়েশ্যনে ঘোষণা কৰিছে।

এনইআইপিডিএৰ ঘোষণা অনুসৰি গুৱাহাটী মহানগৰীত অৱস্থিত সকলো পেট্ৰ’ল পাম্প শুকুৰবাৰৰ পৰা ২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব।

এই সন্দৰ্ভত আমি কথা পাতিছিলো নৰ্থ ইষ্ট পেট্ৰ’লিয়াম ডিলাৰ এশ্যচিয়েশ্যনৰ সভাপতি ৰাজীৱ গোস্বামীৰ সৈতে।

গোস্বামীয়ে আমাৰ সাংবাদিকৰ আগত কয়, “আমি যিমান তেল কোম্পানীৰ পৰা অৰ্ডাৰ দিওঁ সেই তেলৰ পৰিমাণতকৈ বহু শ লিটাৰ পেট্ৰ’ল বা ডিজেল কম আহে। আমি যদি ১২ হাজাৰ লিটাৰ তেল অৰ্ডাৰ দিওঁ তেতিয়া ১১৫০০ বা ১১৬০০ লিটাৰহে লাভ কৰো। কিন্তু আমাৰ ধন ১২ হাজাৰ লিটাৰৰ হিচাপতে ৰাখে। যাৰ বাবে ডিলাৰসমূহ যথেষ্ট অসুবিধাৰ সন্মুখীন হওঁ”।

এই অভিযোগ সন্দৰ্ভত কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ সৈতে আলোচনা কৰিছিল আৰু তেল কোম্পানীসমূহেও বিষয়টো পৰ্য্যবেক্ষণ কৰিম বুলি কৈছিল যদিও আজি পৰ্য্যন্ত ডিলাৰবিলাকে সু-ফল লাভ নকৰিলে বুলি গোস্বামীয়ে দাবী কৰে।

বিগত ৩-৪ বছৰ ধৰি তেওঁলোকে তেল কোম্পানীসমূহৰ পৰা এই সমস্যাৰ সন্মুখীন হৈ আহিছে বুলি গোস্বামীয়ে সদৰী কৰে।

কাইলৈ যি প্ৰতিবাদ ডিলাৰ এছ’চিয়েশ্যনে গ্ৰহণ কৰিছে সেই প্ৰতিবাদৰ পাছতো যদি তেল কোম্পানীসমূহে দাবী মানি নলয় তেন্তে ১৬ মে’ৰ পৰা অনিৰ্দিষ্টকাললৈ পেট্ৰ’ল পাম্পসমূহ বন্ধ ৰখাৰ হুংকাৰ দিয়ে ৰাজীৱ গোস্বামীয়ে।

ইয়াৰ লগতে তেওঁলোকে লাভ নকৰা তথা তেল কোম্পানীয়ে হৰলুকি কৰা তেলসমূহ ক’লৈ যায় সেই সন্দৰ্ভত ৰাজ্য চৰকাৰক এক উচ্চস্তৰীয় তদন্ত কৰিবলৈও গোস্বামীয়ে দাবী জনায়।