NORTHEAST NOW (Assamese)
Popular Stories

অজিত ভূঞাৰ সাংসদ পুঁজিৰ বিয়াগোম কেলেংকাৰী! ACS শৰ্মিষ্ঠা বৰাক বৰ্খাস্ত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 23, 2025 12:33 pm
অজিত ভূঞাৰ সাংসদ পুঁজিৰ বিয়াগোম কেলেংকাৰী! ACS শৰ্মিষ্ঠা বৰাক বৰ্খাস্ত

অজিত ভূঞাৰ ৰাজ্যসভাৰ সাংসদ পুঁজিৰ কেলেংকাৰী।

ACS শৰ্মিষ্ঠা বৰাক চাকৰিৰ পৰা বৰ্খাস্ত।

পূৰ্বে শৰ্মিষ্ঠা বৰাসহ আন ৩ ACS বিষয়াক নিলম্বন কৰিছিল।

শৰ্মিষ্ঠাৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ প্ৰমাণ লাভ।

সাংসদ পুঁজিৰ কেলেংকাৰীক লৈ CM ভিজিলেঞ্চত ৰুজু হৈছিল গোচৰ।

উল্লেখ্য যে ৰঙিয়া সমষ্টিৰ ৫ টাকৈ পথ নিৰ্মাণৰ নামত সাংসদ ভূঞাৰ সাংসদ পুঁজিৰ ধনৰ ব্যাপক দুর্নীতি হোৱা বুলি অভিযোগ উত্থাপিত হৈছিল। ৰঙিয়াৰ কৃষ্ণ মন্দিৰ পথ নিৰ্মাণৰ নামত ১৫.৬০ লাখ টকা, ৰঙিয়া মিলন নগৰ পথ নিৰ্মাণৰ নামত ১৫ লাখ, চেপ্তি-বিহদিয়া পথৰ পৰা নকুছি পথ নিৰ্মাণৰ নামত ১৫.৬০ লাখ, ১নং তুলসীবাৰীৰ পৰা বঙালী চুবা পথ নিৰ্মাণৰ নামত ১৫ লাখ, নকুছি পামৈ চুবা পথৰ পৰা শৰ্মা চুবা পথ নিৰ্মাণৰ নামত ১৫ লাখ, খৈৰাবাৰী বড়ো চুবাৰ পৰা বসুমতাৰী চুবা পথ নিৰ্মাণৰ নামত ১৪ লাখ টকা আবণ্টন দিয়া হৈছিল।