NORTHEAST NOW (Assamese)
অসম

পহিলা ব’হাগৰ দিনা বিশিষ্ট সমাজকৰ্মী, সাহিত্যিকক সম্বৰ্ধনা হোজাই জিলা সদৌ অসম কবি সন্মিলনৰ

Posted by: নিখিল মুন্দ্রা April 16, 2018 1:55 pm
Hojai-story.jpg

ৰঙালী বিহুৰ ক্ষণত হোজাই জিলা সদৌ অসম কবি সন্মিলনৰ উদ্যোগত ‘ব’হাগী বৰণ’ নামৰ এক অনুষ্ঠানৰ জৰিয়তে জিলাখনৰ ৪৫ গৰাকী বিশিষ্ঠ সমাজকৰ্মী, সাহিত্যিকক সম্বৰ্ধনা জনোৱা হয়।

এই উপলক্ষে হোজাই জিলাৰ হোজাই, যমুনামুখ, লংকা, কাকী, নীলবাগান, ডবকা আৰু মোৰাঝাৰৰ শাখা সন্মিলন সমূহে অনুষ্ঠানৰ আয়োজন কৰে।

এক প্ৰেছ বিবৃতিযোগে সদৌ অসম কবি সন্মিলনৰ সভাপতি ড০ হাছিনুজ চুলতান আৰু সম্পাদক তপন কুমাৰ বৰাই কয়— ‘পহিলা ব’হাগৰ দিনা শাখা সন্মিলনৰ প্ৰতিগৰাকী সভাপতি-সম্পাদকে বিশিষ্ট ব্যক্তি সকলৰ ঘৰলৈ গৈ এখনকৈ ফুলাম গামোচা, কিতাপ আৰু স্মাৰকেৰে সম্বৰ্ধনা জ্ঞাপন কৰে।

সেই অনুসৰি যমুনামুখৰ কুশল বৰা, মাধৱ বৰা, গজেন গগৈ, কুৰুদন নাথ, চিৰাজুদ্দিন আহমেদ, সুজিত চক্ৰৱৰ্তী আৰু আব্দুল ৱাহিদ চৌধুৰীক সন্মান যচা হয়।

আনহাতে ডবকাত মাচদৰ আলী লস্কৰ, আব্দুল মতিন লস্কৰ, শ্বেখ মৌলানা আথাৰ ৰহমান খানক আৰু নীলবাগানত আথাৰ আলী চৌধুৰী, আলহাজ মৌচাবৰ আলী লস্কৰ, আলহাজ খলিলুৰ ৰহমাহ লস্কৰ, মণিৰুদ্দিন চৌধুৰী, আলুদ্দিন আহমেদৰ লগতে অন্যান্য ঠাইৰ বহু বিশিষ্ট ব্যক্তিক সন্মান জনোৱা হয়।