NORTHEAST NOW (Assamese)
অসম

শিল্প-সংস্কৃতিতো চৰকাৰৰ স্বজন-তোষণ! প্ৰযোজক-পৰিচালকক উৎসাহ যোগোৱাত কৃপণালি কিয়?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 15, 2022 7:44 pm

ফ্ৰান্সৰ বিশ্ববন্দিত কাঁ চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ’ব অসমীয়া ছৱি। বিশ্বজিত বৰাই নিৰ্মাণ কৰা বম্বা ৰাইড নামৰ ছৱিখনে এই সন্মান অৰ্জন কৰাৰ পাছতে ৰাজ্যৰ চিত্ৰপ্ৰেমীসকল উৎসাহিত হৈ পৰিছে।

অহা ২২ মে’ত চিনেমাখন কাঁ-ত প্ৰদৰ্শন হ’ব। কিন্তু সমগ্ৰ ঘটনাটোত অসম চৰকাৰৰ ভূমিকাকলৈ ক্ষোভিত হৈ পৰিছে বহুজন।

প্ৰযোজক লুইত কুমাৰ বৰ্মনে দেওবাৰে পুৱা এটা টুইটযোগে জনায় যে কাঁ-লৈ চিনেমাখন পঠোৱাৰ ক্ষেত্ৰত অসম চৰকাৰে একো ভূমিকা লোৱা নাই। তদুপৰি কোনোধৰণৰ অভিনন্দনো প্ৰেৰণ কৰা নাই।

ইয়াৰ বিপৰীতে অসমীয়া চিনেমা উদ্যোগৰ প্ৰচাৰৰ বাবে চৰকাৰে অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্তীয় নিগমৰ অধ্যক্ষ সীমান্ত শেখৰ, কণ্ঠশিল্পী পাপন আৰু দুজন উচ্চপদস্থ বিষয়াকহে পঠোৱাৰ সিদ্ধান্ত লৈছে। ইয়াৰ পাছতে ক্ষোভত ফাটি পৰিছে প্ৰযোজক লুইত কুমাৰ বৰ্মন।

আনহাতে, এটা ফেচবুক প’ষ্টযোগে চিনেমাখনৰ পৰিচালক বিশ্বজিত বৰাইও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ লিখিছে যে বিষয়টোক লৈ বিভিন্নজনে তেওঁৰ মতামত জানিব বিচাৰিছে। কিন্তু তেওঁ এই সম্পৰ্কত বহু বেছি চৰ্চা নকৰিবলৈ সিদ্ধান্ত লৈছে।

তেওঁ লিখিছে যে যদি ফ্ৰান্সলৈ যাবৰ বাবে যদি ভিছাখন তেওঁ সময়মতে পায়, তেতিয়া যাব। অন্যথা নাযায়। ইয়াক তেওঁ নিজৰ আত্মাভিমান বুলি আখ্যা দিছে।

উল্লেখযোগ্য যে ৭৬ মিনিট দৈৰ্ঘৰ বুম্বা ৰাইডত অসমৰ বিদ্যালয়সমূহৰ দুৰৱস্থাৰ বিষয়ে দেখুৱা হৈছে। ব্ৰহ্মপুত্ৰৰ পাৰৰ মিছিং গাঁৱত দৃশ্যগ্ৰহণ কৰা চিনোমাখনৰ সকলো শিল্পী অপেছাদাৰী।

কেইবাটাও বছৰৰ পৰিশ্ৰমেৰে চিনেমাখন নিৰ্মাণ কৰি পৰিচালক বিশ্বজিত বৰা এতিয়া এইদৰে চৰকাৰৰ এলাগী হোৱাটোৱে সচেতন মহলৰ চকু কপালত উঠিছে।