NORTHEAST NOW (Assamese)
অসম

বানে খহাই নিলে মঙলদৈ ভুটিয়াচাং পথৰ এটা অংশ, যাতায়াত বিঘ্নিত হৈ পৰাৰ আশংকা

Posted by: চাজিদ খান, ওদালগুৰি Updated by: চাজিদ খান, ওদালগুৰি May 16, 2022 5:36 pm

ওদালগুৰিৰ কলাইগাঁৱত বানে কালান্তক ৰূপ ধাৰণ কৰিছে। আজি বানে মঙলদৈ ভুটিয়াচাং পথটো খহাই নিয়াৰ ফলত পথটোৰ যাতায়াত বিঘ্নিত হৈ পৰাৰ উপক্ৰম ঘটিছে।

বানৰ কবলত পৰিছে বৃহত্তৰ কলাইগাও অঞ্চল।

নেৰানেপেৰা বৰষুণৰ ফলত নোৱানৈৰ পানী বৃদ্ধি হোৱাত কলাইগাঁৱৰ বান্ধৰ চকত মঙলদৈ ভুটিয়াচাং পথৰ ওপৰেৰে পানী বাগৰি যোৱাত গড়কাপ্তানী পথছোৱাৰ এটা অংশ চিঙি যোৱাৰ উপক্ৰম হৈছে।

লগতে পথটিত পানী হোৱাৰ বাবে যান জঁটৰ সৃষ্টি হৈছে।

অধিক বিপদৰ আশংকা কৰি ৰাইজে শীঘ্ৰে পথছোৱাৰে যান বাহনৰ চলাচল বন্ধ কৰিবলৈ প্ৰসাশনক আহ্বান জনাইছে।