NORTHEAST NOW (Assamese)
অসম

প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ উদ্যোগত ৰাজ্যজুৰি পথ সুৰক্ষা মটৰ চাইকেল যাত্ৰা

Posted by: প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও Updated by: প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও May 20, 2022 5:17 pm

পথ সুৰক্ষা আৰু দুৰ্ঘটনা প্ৰতিৰোধ সন্দৰ্ভত ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ উদ্যোগত ১৫ মে’ত গুৱাহাটীৰ পৰা সমগ্ৰ ৰাজ্যজুৰি আৰম্ভ কৰা পথ সুৰক্ষা মটৰ চাইকেল যাত্ৰাকাৰী দলটো বৃহস্পতিবাৰে বঙাইগাঁৱত উপস্থিত হয় ৷

উল্লেখ্য যে দেশ স্বাধীন হোৱা ৭৫ বছৰ উপলক্ষ্যে সমগ্ৰ দেশত পালিত হৈ থকা আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ উদ্যোগত তথা ব্ৰহ্মাকুমাৰীৰ বঙাইগাঁও শাখা আৰু বঙাইগাঁও লায়ন্স ক্লাবৰ সহযোগত চহৰখনত সুৰক্ষিত ভাৰত, পথ সুৰক্ষা মটৰ চাইকেল যাত্ৰা শীৰ্ষক শ্লোগানেৰে জনজাগৰণ সভাৰে দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে ৰাইজক সজাগ কৰি তোলাৰ প্ৰয়াস কৰে ৷

বঙাইগাঁও চহৰৰ বৰপাৰা বাছ আস্থানত অনুষ্ঠিত সজাগতা সভাত প্ৰজাপিতা ব্ৰহ্মাকুমাৰীৰ গুৱাহাটীৰ বেহেনজী বি কে সাংহিতা, বঙাইগাঁও জিলা পৰিবহণ বিষয়া দ্বীপজ্যোতি নেওগ,বঙাইগাঁৱৰ বিশিষ্ট সমাজকৰ্মী প্ৰভাত বৈষ্ণৱ আদিয়ে উপস্থিত থাকি ‘পথ সুৰক্ষা জীৱন ৰক্ষাৰ’ বিষয়ত বক্তব্য প্ৰদান কৰে৷ইয়াৰ পিছতে দলটোৱে চিৰাং জিলাৰ বিজনীলৈ ৰাওনা হয় ৷