NORTHEAST NOW (Assamese)
অসম

যুদ্ধৰ আঁৰৰ খৱৰ: ফিনলেণ্ডলৈ গেছৰ সৰবৰাহ বন্ধ কৰিলে ৰাছিয়াই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 21, 2022 2:57 pm

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ বাবে ইউৰোপীয় দেশসমূহে গ্ৰহণ কৰা স্থিতিৰ মাজতে ৰাছিয়াৰ গেছ কোম্পানী গাজপ্ৰমে ফিনলেণ্ডলৈ গেছৰ সৰবৰাহ বন্ধ কৰি দিছে।

ফিনলেণ্ডে নাটো মিত্ৰজোঁটৰ সদস্যপদৰ বাবে আবেদন কৰাৰ বাবে ৰাছিয়াৰ ৰোষৰ সন্মুখীন হোৱাৰ সময়তে ঘোষণাটো আহিছে।

লগতে পঢ়ক: Ukraine war: জেলেনস্কিৰ মতে ডনবাছ সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে

অৱশ্যে ৰাছিয়াই কয় যে ফিনলেণ্ডে ৰাছিয়াৰ মুদ্ৰা ৰুবেলত গেছৰ মূল্য পৰিশোধ কৰিবলৈ ইচ্ছুক নোহোৱাৰ বাবেই এইটো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

গেছগ্ৰিড ফিনলেণ্ডে এটা বিবৃতিত কৈছে যে ইমাট্ৰা প্ৰৱেশ পইন্টৰ জৰিয়তে গেছৰ যোগান বন্ধ কৰা হৈছে। এই ইমাট্ৰা পইণ্টৰ জৰিয়তে ৰাছিয়াৰ পৰা ফিনলেণ্ডলৈ গেছ সৰবৰাহ কৰা হৈছিল।

লগতে পঢ়ক: Elon Musk in Sex Controversy: এলন মাস্কৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ বিস্ফোৰক অভিযোগ; বিমানত সেই যুৱতীৰ সৈতে কি ঘটিছিল?

ফিনলেণ্ডে ৰাষ্ট্ৰীয় মালিকানাধীন পাইকাৰী গেছ বিক্ৰেতা গাজম গেছৰ সৰবৰাহ বন্ধ হোৱাৰ তথ্য নিশ্চিত কৰিছে।