NORTHEAST NOW (Assamese)
Popular Stories

জাতি-মাটি-ভাষাক ভালপোৱাৰ নিদৰ্শন! শৰীৰত অসমৰ জাতীয় সংগীত টাটু কৰি ল’লে নিতুৱে (চাওক ভিডিঅ’)

Posted by: পার্শ্বজোতি গগৈ, শিৱসাগৰ Updated by: পার্শ্বজোতি গগৈ, শিৱসাগৰ May 23, 2022 12:30 pm

আন সহস্ৰজনৰ দৰেই অসমৰ মাটি, অসমীয়া ভাষাক ভালপায় যুৱকজনে। কিন্তু এই ভালপোৱা প্ৰকাশ কৰিবলৈ এক ব্যতিক্ৰমী পন্থা অৱলম্বন কৰি ভাইৰেল হৈছে যুৱকজন। নাম তেওঁৰ নিতু শইকীয়া।

শিৱসাগৰৰ যুৱক নিতু শইকীয়াই নিজৰ দেহত অসমৰ জাতীয় সংগীত “অ’ মোৰ আপোনাৰ দেশ” টাটু অংকন কৰি বিভিন্নজনৰ দৃষ্টি আকৰ্ষণ কৰিছে।

ইতিমধ্যে ছচিয়েল মিডিয়াত যুৱকজনৰ ছবি ভাইৰেল হোৱাৰ লগতে তেওঁৰ এই কামে চৰ্চাও লাভ কৰিছে।

নিতু শইকীয়াই শৰীৰৰ সোঁ বাহুত সম্পূৰ্ণ জাতীয় সংগীতটো টাটু অংকন কৰিছে।

এই সন্দৰ্ভত নিতু শইকীয়াৰ মন্তব্য,‘’অসমীয়াই মোৰ প্ৰথম পৰিচয়। আজীৱন মই দেহত ‘অ’ মোৰ আপোনাৰ দেশ’ টাটু কৰি ৰাখিব বিচাৰোঁ।‘’ 

তাৰ মাজতে অসমীয়া ভাষাৰ প্ৰতি অহা সংকটকলৈয়ো উদ্বিগ্নতা প্ৰকাশ কৰিছে নিতুৱে।