NORTHEAST NOW (Assamese)
অসম

জলবায়ু পৰিবৰ্তনৰ বাবে উন্নত দেশ সমূহ দায়ী, ভাৰত নহয় : প্ৰকাশ জাভড়েকাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 12, 2020 8:35 am

বিশ্বজুৰি জলবায়ু পৰিৱৰ্তনৰ বাবে ভাৰত দায়ী নহয় বুলি শুকুৰবাৰে মন্তব্য প্ৰকাশ কৰে কেন্দ্ৰীয় পৰিবেশ মন্ত্ৰী প্ৰকাশ জাভডেকাৰে।

মূলত বিশ্বৰ উন্নত দেশ সমূহ বিশ্বৰ জলবায়ু পৰিৱৰ্তনৰ বাবে মূলত দায়ী বুলি উল্লেখ কৰি জাভড়েকাৰে কয় যে জলবায়ু পৰিৱৰ্তন এটা নিশাৰ ঘটনা নহয় ইয়াৰ বাবে সুদীৰ্ঘ সময়ৰ প্ৰয়োজন হৈছে।

জলবায়ু প্ৰদূষণৰ ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰই সৰ্বাধিক ২৫ শতাংশ, ইউৰোপে ২২ শতাংশ আৰু চীনে ১৩ শতাংশ প্ৰদূষণ সংঘটিত কৰি আহিছে বুলি তথ্য দাঙি ধৰি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ভাৰতে ৩ শতাংশহে প্ৰদূষণকাৰী গেছ নিৰ্গমন কৰে বুলি কয়।

আনহাতে, পেৰিছ জলবায়ু চুক্তি অনুসৰি ভাৰতে অতিশীঘ্ৰে দেশৰ কাৰ্বন নিৰ্গমনৰ হাৰ হ্ৰাস কৰি নিৰ্ধাৰিত লক্ষ্যত উপনীত হ’ব বুলিও জাভড়েকাৰে কয়।

উল্লেখযোগ্য যে, দেশত ৰাজহুৱা কাৰ্বন নিৰ্গমনৰ হাৰ ২০২৫ চনৰ ভিতৰত শূন্য কৰাৰ বাবে নিউজিলেণ্ড চৰকাৰে দেশখনত জলবায়ু জৰুৰীকালীন অৱস্থাৰ কথা ঘোষণা কৰিছে।

নিউজিলেণ্ডৰ প্ৰধান মন্ত্ৰীয়ে জলবায়ু পৰিৱৰ্তন ৰোধৰ বাবে  এয়া উচ্চতম সময় বুলি বিশ্ববাসীক সতৰ্ক কৰি দিছে।