চৰকাৰক ৰাজহুৱা ককৰ্থনা : আজি প্ৰতিবাদী শোভাযাত্ৰাৰ লগতে ‘জেইল ভৰো’ প্ৰাথমিক শিক্ষকৰ

ৰাজ্যখনৰ প্ৰাথমিক শিক্ষকসকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব আৰোপ নকৰাৰ বাবে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে তেওঁলোকৰ ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী অব্যাহত ৰাখিছে।
সোমবাৰে প্ৰাপ্য অধিকাৰৰ দাবীত প্ৰাথমিক শিক্ষকসকলে ৰাজ্যজুৰি ৰাজহুৱা সভা অনুষ্ঠিত কৰি চৰকাৰক ককৰ্থনা কৰে। সপ্তম দৰমহা আয়োগে নিৰ্ধাৰণ কৰা গ্ৰেড পে’ প্ৰদান কৰা, বেতন বঞ্চিত শিক্ষকৰ সমস্যা সমাধান কৰা, নতুন পেন্সন নীতি বাতিল কৰা, ছাত্ৰ-ছাত্ৰীৰ পাঠ্যপুথি যোগান নিশ্চিত কৰা আদি বিভিন্ন দাবীত সন্মিলনীয়ে ৰাজ্যৰ বিভিন্ন স্থানত ৰাজহুৱা সভা অনুষ্ঠিত কৰে।
ইতিমধ্যে প্ৰাথমিক শিক্ষকসকলে তিনিদিনকৈ অসহযোগ কাৰ্যসূচী গ্ৰহণ কৰাৰ পাছতো ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে গুৰুত্ব নিদিয়াত আজি পুনৰ প্ৰাথমিক শিক্ষকে প্ৰতিবাদী শোভাযাত্ৰা আৰু জেইল ভৰো কাৰ্যসূচী গ্ৰহণ কৰিব।
প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি জীৱন চন্দ্ৰ বৰা আৰু সম্পাদক ৰাতুল গোস্বামীয়ে কয়,‘‘শিক্ষকৰ দাবীৰ প্ৰতি ৰাজ্য চৰকাৰৰ উদাসীনতাই চৰম অস্বস্তিৰ পৰিৱেশৰ সূচনা কৰিছে। যাৰ বাবে প্ৰতিবাদী শোভাযাত্ৰা আৰু জেইল ভৰো কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। ইয়াৰ পাছতে বুধবাৰৰ পৰা ৰাজ্যখনৰ সকলো দায়িত্বত থকা প্ৰধান শিক্ষকে কাৰ্যালয়কেন্দ্ৰিক কামত অসহযোগ কৰিব।‘’
আনহাতে, সমস্যা সমাধানৰ বাবে আনুষ্ঠানিক আলোচনাৰ অন্তত ৪৫ দিনৰ সময় লোৱা শিক্ষা মন্ত্ৰীয়ে লিখিত প্ৰতিশ্ৰুতি দিয়াৰ পাছতো কোনো গুৰুত্ব প্ৰদান নকৰাত যোৱা ২১ ফেব্ৰুৱাৰিত ৰাজ্যখনৰ সকলো বিধায়ককে ঘেৰাও কৰি স্মাৰক-পত্ৰযোগে এই সকলো কথা জনাই মুখ্য মন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰা হৈছিল।
ইপিনে, মুখ্য মন্ত্ৰীয়ে কোনো স্থিতি গ্ৰহণ নকৰাৰ ফলত সমস্যাই জটিল ৰূপধাৰণ কৰিছে। সেয়েহে পুনৰ প্ৰতিবাদী শোভাযাত্ৰা আৰু জেইল ভৰো কাৰ্যসূচীৰ যোগেদি মুখ্য মন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি স্মাৰক-পত্ৰ প্ৰদান কৰা হ’ব বুলি সন্মিলনীৰ সভাপতি আৰু সম্পাদকে জানিবলৈ দিয়ে।