NORTHEAST NOW (Assamese)
অসম

বৰঝাৰ বিমানবন্দৰো গতাব নেকি মোদীৰ ঘনিষ্ঠ আদানিক?

Posted by: এন ই নাও নিউজ February 26, 2019 9:32 am
LGBI-airport-678x381

এটা এটাকৈ ৰাজহুৱা খণ্ডৰ উদ্যোগ-প্ৰতিষ্ঠান ব্যক্তিগতকৰণৰ প্ৰচেষ্টা হাতত লোৱা মোদী চৰকাৰে গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰটোও ব্যক্তিগত প্ৰতিষ্ঠানক দিয়াৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা বুলি জানিব পৰা গৈছে। সেই অনুসৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ হিচাপে পৰিচিত গুজৰাটৰ ব্যৱসায়ী গৌতম আদানিৰ হাতত বিমানবন্দৰটো গতাই দিবলৈ সকলো আনুষ্ঠানিকতা সাজু হৈ উঠিছে।

সোমবাৰে বিমানবন্দৰ প্ৰাধিকৰণ কৰ্তৃপক্ষই আহমেদাবাদ, জয়পুৰ, লক্ষ্ণৌ, মাংগালোৰ আৰু তিৰুৱনন্তপুৰম বিমানবন্দৰৰ নিবিদা মুকলি কৰি সৰ্বোচ্চ দৰ ধাৰ্য কৰা আদানি গ্ৰুপক বিমানবন্দৰকেইটাৰ পৰিচালনা আৰু ব্যৱস্থাপনাৰ দায়িত্ব অৰ্পণ কৰিছে।

বিমানবন্দৰ প্ৰাধিকৰণে একেই নিবিদাৰ ভিত্তিত গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰক বাদ দি এই আটাইকেইটা বিমানবন্দৰৰে দায়িত্ব অৰ্পণ কৰিছে প্ৰধান মন্ত্ৰী মোদীৰ ঘনিষ্ঠ আদানি গ্ৰুপক।

আনহাতে, গুৱাহাটীৰ বৰঝাৰস্থিত গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ ব্যক্তিগতকৰণৰ বিৰোধিতা কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত এটা ৰাজহুৱা স্বাৰ্থজড়িত গোচৰ বিচাৰাধীন হৈ থকাৰ বাবেই বিমানবন্দৰ প্ৰাধিকৰণে বৰঝাৰ বিমানবন্দৰৰ নিবিদা মুকলি কৰাৰ পৰা বিৰত থাকে।

ইপিনে, বৰঝাৰ বিমানবন্দৰৰ নিবিদা মুকলি নকৰিলেও ৰাজহুৱা স্বাৰ্থজড়িত  গোচৰটোৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ে বিমানবন্দৰ প্ৰাধিকৰণক বিমানবন্দৰটোৰ ব্যক্তিগতকৰণৰ বাবে নিবিদা প্ৰক্ৰিয়া আগবঢ়াই নিয়াৰ বাবে সেউজ সংকেত দিছে।

সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এ এছ বোপান্না আৰু ন্যায়াধীশ এ কে গোস্বামীৰ খণ্ড বিচাৰপীঠে নিবিদাত সৰ্বোচ্চ দৰ ধাৰ্য কৰা নিবিদাকাৰীক দায়িত্ব দিবলৈ নিৰ্দেশ দি  ড০ হীৰেন গোহাঁই প্ৰমুখ্যে তিনিগৰাকী বিশিষ্ট নাগৰিকে ব্যক্তিগতকৰণৰ বিৰোধিতা কৰি ৰুজু কৰা ১১/২০১৯ নম্বৰ ৰাজহুৱা স্বাৰ্থজড়িত গোচৰটোৰ অহা মে’ মাহৰ দ্বিতীয় সপ্তাহত চূড়ান্ত শুনানিৰ দিন ধাৰ্য কৰে।

জানিব পৰা মতে, আজি গুৱাহাটী  বৰঝাৰ বিমানবন্দৰৰ নিবিদা মুকলি কৰাৰ সম্ভাৱনা আছে। গুৱাহাটী  বৰঝাৰ বিমানবন্দৰ তদাৰকৰ বাবে আদানি গ্ৰুপকে ধৰি দেশ ছয়টা ব্যক্তিগত প্ৰতিষ্ঠানে নিবিদা দাখিল কৰিছে। আদানি গ্ৰুপে আন কেইটা প্ৰতিষ্ঠানৰ তুলনাত সৰ্বোচ্চ দৰত প্ৰতি যাত্ৰীৰ বিপৰীতে ১৬৮ টকা ব্যয় ধাৰ্য কৰি বিমানবন্দৰকেইটাৰ দায়িত্ব লাভ কৰিছে।