NORTHEAST NOW (Assamese)
অসম

টি আও আন্তঃৰাষ্ট্ৰীয় গ’ল্ড কাপ : সঞ্জয়ৰ দুগ’লৰ সহায়ত ছেমিত প্ৰৱেশ ছিকিমৰ

Posted by: সাগৰ ছেত্ৰী Updated by: সাগৰ ছেত্ৰী February 26, 2019 8:37 am
Sikkim-750x375

ড০ টি আও জন্ম শতবাৰ্ষিকী কমিটিৰ উদ্যোগত গুৱাহাটীত অনুষ্ঠিত হৈ থকা দ্বিতীয়সংখ্যক টি আও উত্তৰ-পূব আন্তঃৰাষ্ট্ৰীয় এন ই চি (অনূৰ্ধ্ব ২১) গ’ল্ড কাপত ছেমি ফাইনেলত স্থান নিশ্চিত কৰিছে ছিকিমে।

সোমবাৰে গুৱাহাটীৰ ‘ছাই’ ফিল্ডত অনুষ্ঠিত নিজৰ শেষৰখন কোৱালিফায়িং খেলত ছিকিমে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশক ২-১ গ’লত পৰাস্ত কৰে। ছিকিমৰ হৈ দুয়োটা গ’লে সঞ্জয় চোপেলে প্ৰদান কৰে।

প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ উপৰি কোৱালিফায়িং ৰাউণ্ডৰ অন্তত গ্ৰুপ-এৰ শীৰ্ষতো অধিষ্ঠিত হয় ছিকিম।

উল্লেখ্য যে তীব্ৰ উত্তেজনাপূৰ্ণ মেচখনত আৰম্ভণিতে ছিকিমে সঞ্জয় চোপেলৰ সহায়েৰে ১-০ৰ অগ্ৰগতি লয়। কিন্তু ছিকিমৰ এই অগ্ৰগতি বেছি সময়লৈ থাকিব নিদি বাংলাদেশে ৩০ মিনিটত গ’লটো পৰিশোধ কৰে আৰু ১-১ গ’লত সমাপ্ত হয় প্ৰথমাৰ্ধৰ খেল।

ইফালে দ্বিতীয়াৰ্ধৰ খেল আৰম্ভ হোৱাৰ লগে লগে ছিকিমে পুনৰ বাংলাদেশৰ শিবিৰত আক্ৰমণ চলোৱা পৰিলক্ষিত হয়। আৰু ৪৮ মিনিটত ছিকিমৰ হৈ সঞ্জয়ে দ্বিতীয়টো গ’ল কৰি দলক বিজয় লক্ষ্যত উপনীত কৰোৱায়।

মেচখনৰ অন্তত ছিকিমৰ মেনেজাৰ অৰ্জু ৰায়ে কয়, ‘এই মেচখনৰ গুৰুত্ব বুজি আমাৰ খেলুৱৈসকলে আৰম্ভণিৰে পৰা আক্ৰমণাত্মক খেল খেলিছে’।

তেওঁ লগতে বাংলাদেশক প্ৰতিযোগিতাখনৰ আটাইতকৈ শক্তিশালী বিদেশী দল বুলি অভিহিত কৰাৰ লগতে অহা ২৭ ফেব্ৰুৱাৰিত হ’ব লগীয়া প্ৰতিযোগিতাৰ ছেমি ফাইনেলত ছিকিমে সৰ্বোস্ব উজাৰি দিবলৈ সক্ষম হ’ব বুলিও মন্তব্য কৰে।