NORTHEAST NOW (Assamese)
অসম

মহানগৰীৰ বৰবাৰীত জঘন্য ঘটনা: যুৱকৰ দাৰ ঘাপত তিনিজন আহত

Posted by: জাহ্নৱী বৰুৱা, গুৱাহাটী Updated by: জাহ্নৱী বৰুৱা, গুৱাহাটী May 28, 2022 1:37 pm
Crime in Guwahati

গুৱাহাটী মহানগৰীৰ বৰবাৰীত সংঘটিত হৈছে এক ভয়াৱহ ঘটনা। এজন যুৱকৰ দাৰ ঘাপত আহত হৈছে তিনিজনকৈ লোক।

আহত দুজনৰ অৱস্থা বৰ্তমান সংকটজনক বুলি জানিব পৰা গৈছে।

যুৱকজনৰ দাৰ ঘাপত ছিঙি গৈছে দুজন লোকৰ হাত।

আক্ৰমণকাৰী যুৱকজনৰ নাম নিৰণ টেৰণ বুলি জানিব পৰা গৈছে। ইতিমধ্যে স্থানীয় ৰাইজে চাই বাবা মন্দিৰৰ সমীপৰ পৰা যুৱকজনক কৰায়ত্ত কৰিছে।

স্থানীয় ৰাইজৰ পৰা ঘটনাৰ উমান পাই আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু আক্ৰমণকাৰী টেৰণক আটক কৰি দিছপুৰ থানালৈ লৈ আনে।

যুৱকজনৰ দাৰ ঘাপত আহত হোৱা ব্যক্তি কেইজনক অৰূপ টেৰণ, অনিতা টেৰণ, সমীৰণ টেৰণ বুলি চিনাক্ত কৰা হৈছে।

তিনিওগৰাকী আহত লোককে ইতিমধ্যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে।