NORTHEAST NOW (Assamese)
অসম

৩০ জুনৰ ভিতৰত দিছপুৰ কলেজক হৰলুকি হোৱা ধন ওভটাই দিয়াৰ প্ৰতিশ্ৰুতি বৰোডা বেংক কর্তৃপক্ষৰ

Posted by: কল্পজোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজোতি শইকীয়া, গুৱাহাটী May 28, 2022 3:21 pm

৩০ জুনৰ ভিতৰত দিছপুৰ কলেজক হৰলুকি হোৱা ধন ওভটাই দিয়াৰ প্ৰতিশ্ৰুতি দিছে বৰোডা বেংক কর্তৃপক্ষই। শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত এই কথা জানিবলৈ দিয়ে দিছপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ নৱজ্যোতি বৰাই।

পূৰ্বেও ৭ মে’ৰ দিনা বৰোডা বেংক কৰ্তৃপক্ষই ধন ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল যদিও ঘূৰাই নিদিয়াত পুনৰ বৃহস্পতিবাৰে দিছপুৰ আৰক্ষীয়ে সোধা-পোছাৰ বাবে আটক কৰে বেংক অব বৰোডাৰ শাখা মুখ্য প্ৰবন্ধক আৰু দুগৰাকী মহিলা কৰ্মচাৰীক।

আৰক্ষীৰ সোধা-পোছাৰ অন্তত অহা ৩০জুনৰ ভিতৰত ধন ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিছে বেংক কৰ্তৃপক্ষই। সোধা- পোছাৰ অন্তত নিশাই যাবলৈ দিয়া হয় বেংক অফ বৰোদাৰ মুখ্য শাখা প্ৰবন্ধক আৰু দুই মহিলা কৰ্মচাৰীক।

আনহাতে BSNLত কৰ্মৰত দুই কৰ্মচাৰীকো থানালৈ মতাই আনি নিশাই যাবলৈ দিয়া হয়। আৰক্ষীয়ে বিচাৰিলে যিকোনো মুহূৰ্তত BSNLৰ দুই কৰ্মচাৰী হাজিৰ হব লাগিব দিছপুৰ থানাত।

অধ্যক্ষৰ ভুৱা ফটো আৰু পৰিচয় পত্ৰ দি উলিয়াইছিল ছিম কাৰ্ড।  কলেজৰ অধ্যক্ষৰ মোবাইল নম্বৰতে আন এখন ছিম উলিয়াই দিছিল BSNLৰ দুই কৰ্মচাৰীয়ে।

সেই ছিমৰ জৰিয়তেই দুৰ্বৃত্তই বেংক কৰ্তৃপক্ষৰে যোগাযোগ কৰিছিল আৰু ভুলবশতঃ বেংকৰ কৰ্মচাৰী দুগৰাকীয়ে ৭৬ লাখৰ চেকখন গ্ৰহণ কৰি একাউন্টত ধন ভৰাই দিছিল।

যোৱা ২১ এপ্ৰিলৰ বিয়লি প্ৰায় ১:৫৪ বজাত চেকখনৰ ধন জমা হোৱা দেখুওৱা হৈছিল।  যোৱা ১৯ এপ্ৰিলত বেংক অৱ বৰোডাৰ দিছপুৰ শাখাই ষ্টেট বেংকলৈ ওভটাই পঠিওৱা চেকৰ নম্বৰৰ সৈতে ৭৬ লাখ টকাৰ চেকৰ নম্বৰো একেই আৰু স্বাক্ষৰৰো মিল আছে।

আৰক্ষী সুত্ৰই জনোৱা অনুসৰি ধনখিনি কলকাতা, মুম্বাই আদিৰ বিভিন্ন একাউন্টত সোমাইছে।