NORTHEAST NOW (Assamese)
দেশ

জম্মু-কাশ্মীৰৰ শ্বপিয়ানত বাহনৰ ভিতৰত থকা বিস্ফোৰক সামগ্ৰীৰ বিস্ফোৰণ: তিনি সেনা আহত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 2, 2022 11:23 am
Blast in Jammu and Kashmir

জম্মু-কাশ্মীৰৰ শ্বপিয়ান জিলাত এখন বাহনৰ ভিতৰত বিস্ফোৰণ সংঘটিত হোৱাৰ ফলত তিনিজন সেনা জোৱান আহত হৈছে।

ভাড়াত লোৱা এখন ব্যক্তিগত বাহনৰ ভিতৰত এই বিস্ফোৰণ সংঘটিত হৈছে।

কাশ্মীৰৰ আৰক্ষী মহাপৰিদৰ্শক বিজয় কুমাৰে এটা টুইটযোগে এই বিস্ফোৰণৰ বিষয়ে সদৰি কৰিছে। টুইটটোত তেওঁ লিখিছে, “শ্বপিয়ান চেডোত ভাড়াত লোৱা এখন ব্যক্তিগত বাহনৰ ভিতৰত এটা বিস্ফোৰণ সংঘটিত হৈছে। বিস্ফোৰণটোত ৩ জন সৈনিক আহত হৈছে। তেওঁলোকক ইতিমধ্যে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।”

আৰক্ষীয়ে ইতিমধ্যে এই বিস্ফোৰণৰ কাৰণ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

গ্ৰেনেড নে আইইডি বিস্ফোৰণ ঘটিছিল সেয়া নিশ্চিত কৰিবলৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। বেটাৰীৰ বিজুতিৰ ফলতো বিস্ফোৰণটো সংঘটিত হ’ব পাৰে বুলি আৰক্ষীয়ে প্ৰথমে সন্দেহ কৰিছিল।

কিন্তু প্ৰাথমিক পৰীক্ষাৰ পিছত আৰক্ষীয়ে বিজুতিৰ পৰিৱৰ্তে পৰিকল্পিত আইইডি বা গ্ৰেনেড হ’ব পাৰে বুলি আশংকা কৰিছে।