NORTHEAST NOW (Assamese)
ক্ৰীড়া

কোকো গাউফক পৰাস্ত কৰি ফ্ৰেঞ্চ অপেন মহিলা চিংগলছৰ খিতাপ জয় ইগা চুয়াটেকৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 4, 2022 9:14 pm
French Open

পেৰিছৰ ক’ৰ্ট ফিলিপ-চাট্ৰিয়েৰত অনুষ্ঠিত ফাইনেলত কোকো গাফক পোনপটীয়া ছেটত পৰাস্ত কৰি ২০২২ বৰ্ষৰ ফেঞ্চ অপেনত মহিলাৰ চিংগলছৰ খিতাপ জয় কৰিছে ইগা চুয়াটেকে।

বিশ্বৰ শীৰ্ষ স্থানৰ খেলুৱৈগৰাকীয়ে ফাইনেলত আমেৰিকান কিশোৰী কোকো গাউফক ৬-১, ৬-৩ ব্যৱধানত পৰাস্ত কৰে।

এই জয়েৰে নিজৰ কেৰিয়াৰত দ্বিতীয়টো গ্ৰেণ্ড শ্লেম খিতাপ জয় কৰে চুয়াটেকে। ইয়াৰ পূৰ্বে পোলেণ্ডৰ তাৰকা গৰাকীয়ে ২০২০ চনৰ ফ্ৰেঞ্চ অপেনত খিতাপ দখল কৰিছিল।

তদুপৰি আজিৰ এই জয়ৰ সৈতে চুয়াটেকে জয়ৰ ধাৰা একেৰাহে ৩৫ খন মেচলৈ বৃদ্ধি কৰে। যোৱা ফেব্ৰুৱাৰীত ডুবাইত জেলেনা অষ্টাপেঙ্কোৰ বিপক্ষে পৰাজিত হোৱাৰ পিছত এতিয়ালৈকে কোনো এখন মেচতে খেলুৱৈ গৰাকী পৰাস্ত হোৱা নাই।

২১ বছৰীয়া চুয়াটেকে লগতে কেৰিয়াৰত মুঠ ৯ খন প্ৰতিযোগিতাৰ ফাইনেলত উপনীত হৈ আটাইকেইখনতে জয় সাব্যস্ত কৰাৰ অন্য এক সফলতাও অৰ্জন কৰে।

এই ৯ খন ফাইনেলত বৰ্তমানলৈকে এটাও ছেট হেৰুওৱা নাই খেলুৱৈ গৰাকীয়ে।