NORTHEAST NOW (Assamese)
অসম

বৃহৎ ঘোষণা: আজি নিশাৰে পৰা পেট্ৰ’ল-ডিজেলত লিটাৰে প্ৰতি ৫ টকা, মদত ২৫ শতাংশ দাম কমিব

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 12, 2021 11:26 am
petrol-1-750x375

বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি অসম বিধান সভাত দাখিল কৰে লেখানুদান। আহক চাওঁ কি আছে এই লেখানুদানত—

কোভিডৰ সময়ত আৰোপ কৰা অতিৰিক্ত উপকৰ আজিৰে পৰা প্ৰত্যাহাৰ কৰা হ’ব। ফলত পেট্ৰ’ল-ডিজেলৰ দাম আজি মাজনিশাৰে  পৰা লিটাৰত ৫ টকাকৈ কমি যাব।মদৰ দামো ২৫ শতাংশকৈ আজি নিশাৰে পৰা কমিব।

২০১৬ চনৰ ৩ জুনত অসমৰ অৰ্থনৈতিক অৱস্থা সন্দৰ্ভত দাখিল কৰা শ্বেত  পত্ৰৰ  কথা স্মৰণ কৰি ৰাজ্যৰ ভাঙি পৰা অৰ্থনীতিক কিদৰে সৱল কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছিল সেই কথা বিত্তমন্ত্ৰী গৰাকীয়ে তেওঁৰ ভাষণত উল্লেখ কৰে।

৬০,৭৮৪.০৩ কোটি টকা ব্যয়ৰ লেখানুদান দাখিল কৰে বিত্তমন্ত্ৰীয়ে।

ৰূপকোঁৱৰৰ কবিতা আওঁৰাই বিত্তমন্ত্ৰীয়ে  ২০১৯ বৰ্ষত  ৰাজ্যৰ জনমূৰি আয় ২০,৬৯২ টকালৈ বৃদ্ধি পোৱা বুলি কয়।

ৰাজ্যৰ কৰ ৰাজহৰ পৰিমাণ ১৬,৫২৮ কোটি টকা হোৱা বুলি তেওঁ মন্তব্য কৰে।

৭৭৫৬ কোটি টকা খাৰুৱা তেলৰ ৰয়েল্টি হিচাবে অসমে লাভ কৰা বুলি তেওঁ উল্লেখ কৰে।

কামাখ্যা মন্দিৰৰ উন্নয়নৰ বাবে ৩০০ কোটি টকা ধাৰ্য কৰা বুলি তেওঁ কয়।ৰাজ্যত বিকাশৰ হাৰ ৮ শতাংশৰ ওপৰত হোৱা বুলি তেওঁ প্ৰকাশ কৰে।

কনকলতা মহিলা সৱলীকৰণ আঁচনিৰ জৰিয়তে ১, ৯৯,৭০৫ টা আত্মসহায়ক গোট উপকৃত হৈছে।

১৫-১৮ শ কন্যা সন্তানক ৪০ হাজাৰকৈ টকা প্ৰদান কৰা হৈছে ।

অসমমালা  আঁচনিৰ অধীনত ৮২১০ কোটি টকা ধাৰ্য কৰি ৰাজ্যৰ বাট-পথৰ উন্নয়নত গুৰুত্ব দিয়া হৈছে।

অসম দৰ্শন আঁচনিৰ অধীনত উপকৃত হৈছে ৯১৫ খন ধৰ্মানুষ্ঠান। প্ৰতিটো ধৰ্মীয় অনুষ্ঠানলৈ ১০ লাখ টকাকৈ আগবঢ়োৱা হৈছে।

৮৭৫৬ টা নামঘৰলৈ আগবঢ়োৱা হৈছে মুঠ ২১৮ কোটি টকা । প্ৰতিটো নামঘৰক দিয়া হৈছে  আঢ়ৈ লাখ টকাকৈ।

ৰাজ্যৰ ৮৭০ খন দলঙৰ কাম চলি আছে।

অসমৰ আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে খৰচ কৰা হৈছে ১৩,৫০১ কোটি টকা।

ৰাজ্যৰ ৫৮ লাখ ৮৫ হাজাৰ ২৮৯ গৰাকী লোকে ১ টকা মূল্যৰ চাউল লাভ কৰিছে। ইয়াৰ বাবে ৰাজ্য চৰকাৰৰ খৰচ হৈছে ৭৬৭ কোটি টকা।

২০ ফেব্ৰুৱাৰীৰ ভিতৰত চৰকাৰে নিৰ্ধাৰণ কৰিব চাহ শ্ৰমিকৰ দৈনিক বানচ।

প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ৰাজ্যত বছৰত ২ লাখতকৈ কম আয়ৰ লোকৰ ১৭ লাখ ৮৪ হাজাৰ ৮৯০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে মহাবিদ্যালয়ত বিনামূলীয়াকৈ নামভৰ্তিৰ সুবিধা পাইছে।

এতিয়ালৈকে ইন্দিৰা মিৰি বিধৱা পেঞ্চন আঁচনিৰ অধীনত ১ লাখ ৭০ হাজাৰ বিধৱাই পেঞ্চন লাভ কৰিছে।

৩০ ইউনিটলৈ বিনামূলীয়া বিদ্যুৎ যোগানৰ ব্যৱস্থা

২০২১-২২ কেন্দ্ৰীয় কৰৰ ২০,৬০১ কোটি টকা অনুমোদন

১০.৭২ শতাংশ দেশৰ বিকাশৰ হাৰ ।

ঘৰুৱা উৎপাদনৰ হাৰ ৭.৭১ শতাংশ ।

ৰাজ্যৰ নিজা ৰাজহৰ পৰিমাণ বৃদ্ধি ।চাহ বাগিচাত ৮৯৬ কিমি পথ নিৰ্মান ।