NORTHEAST NOW (Assamese)
Popular Stories

ফিফা ক্লাৱ ৱৰ্ডকাপ : বেয়াৰ্ণ মিউনিখৰ খিতাপ দখল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 12, 2021 10:38 am
ফিফা ক্লাৱ ৱৰ্ডকাপ :  বেয়াৰ্ণ মিউনিখৰ খিতাপ দখল

জাৰ্মানীৰ ফুটবল ক্লাব বেয়াৰ্ণ মিউনিখে ২০২১ চনৰ ফিফা ৱৰ্ডকাপৰ খিতাপ দখল কৰিছে।

বৃহস্পতিবাৰে কাটাৰৰ এডুকেশ্বন চিটি ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলখনত বেয়াৰ্ণ মিউনিখে মেক্সিকোৰ টাইগাৰ্ছ ক্লাৱক ১-০ পৰাস্ত কৰি বিজয় সাব্যষ্ট কৰে।

মেচখনৰ ৫৯ মিনিটত বেয়াৰ্ণ মিউনিখৰ হৈ একমাত্ৰ গ’লটো কৰে ডিফেণ্ডাৰ বেঞ্জামিন পাভাৰ্ডে।

উল্লেখযোগ্য যে মেচখনৰ এক ঘণ্টাৰ পূৰ্বে বেয়াৰ্ণ মিউনিখৰ মূল স্তম্ভ মিডিফল্ডাৰ থমাছ মুলাৰৰ কভিড টেষ্ট পজিটিভ পোৱা গৈছিল, যাৰ বাবে তেওঁ দলটোৰ বিজয় উল্লাসত ভাগ ল’ব নোৱাৰিলে।

মেক্সিকোৰ টাইগাৰ্ছ ক্লাৱ ৰানাৰছ আপ হোৱাৰ বিপৰীতে ইজিপ্টৰ আল আহলীয়ে টুৰ্ণামেণ্টখনৰ তৃতীয় স্থান লাভ কৰিছে।

তৃতীয় স্থানৰ বাবে প্ৰতিদ্বন্দিতা আগবঢ়োৱা আল আহলীয়ে ব্ৰাজিলৰ পালমেইৰাছ ক্লাৱক ৩-২ ব্যৱধানত পৰাস্ত কৰে।

উল্লেখযোগ্য যে মেক্সিকোৰ টাইগাৰছ ক্লাৱ প্ৰথম নৰ্থ আৰু মধ্য আমেৰিকাৰ ফুটবল ক্লাৱ, যি ক্লাব ৱৰ্ল্ডকাপৰ ফাইনেলত প্ৰৱেশ কৰে।