NORTHEAST NOW (Assamese)
অসম

টংলাত আছু আৰু প্ৰাক্তন আছুৰ মাজত মুখামুখি সংঘাত; প্ৰাক্তন আছুক সভা পতাত বাধা আছু কৰ্মীৰ

Posted by: চাজিদ খান, ওদালগুৰি Updated by: চাজিদ খান, ওদালগুৰি June 6, 2022 7:19 am

ওদালগুৰি জিলাৰ টংলা বৰদলৈ ভৱনত দেওবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সতীৰ্থ সন্মিলনখন অনুষ্ঠিত হোৱাৰ কথা আছিল আৰু অবিভক্ত দৰং জিলাৰ কেবাগৰাকীও ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতাই সভাখনৰ নেতৃত্ব লৈছিল।

এই কথা বৰ্তমানৰ আছু কৰ্মীসকল অৱগত হোৱাৰ লগে লগে ক্ষোভিত হৈ পৰে আৰু সভা অনুষ্ঠিত কৰাত বাধা প্ৰদান কৰে।

আছুৰ প্ৰাক্তন সভাপতি প্ৰবীণ বড়ো, প্ৰাক্তন আছু নেতা কমলেশ ডেকা, নিৰঞ্জন নাথ, বিদ্যুৎ প্ৰাণ চহৰীয়া ,ইদুল হক আদি কেন্দ্ৰীয় পৰ্য্যায়ৰ কেবাগৰাকীও প্ৰাক্তন নেতা সভালৈ আহি উপস্থিত হয়। ইয়াৰ উপৰিও অবিভক্ত দৰং জিলাৰ প্ৰাক্তন আছু নেতাও তাত উপস্থিত হয়।

ফটো: নৰ্থইষ্ট নাও।

তেওঁলোকে সভা অনুষ্ঠিত কৰাৰ প্ৰাক মুহূৰ্তত সদৌ অসম ছাত্ৰ সন্থাৰ উপ সভাপতি জয়ন্ত কুমাৰ ভট্টাচাৰ্য আৰু আছুৰ বিতোপন দাস, পৰাগ চহৰীয়াৰ নেতৃত্বত অহা দুই শতাধিক আছু কৰ্মীয়ে বাধা প্ৰদান কৰে।ফলত টংলাত সেই স্থানত অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হয়।

আছু নেতাৰ অভিযোগ অনুসৰি বিভিন্ন ৰাজনৈতিক দলত থকা প্ৰাক্তন আছু নেতা আৰু বহিস্কৃত নেতাৰে গঠিত এই সন্মিলনে আছুৰ ভাৱমূৰ্তি বিনষ্ট কৰিছে আৰু কৰিব। প্ৰাক্তন আছু বুলি তেওঁলোকে লিখি লৈ সংগঠন কৰাৰ নৈতিক দায়িত্ব নাই বুলিও অভিযোগ কৰে ।

ফটো: নৰ্থইষ্ট নাও।

আনহাতে, প্ৰাক্তন সভাপতি প্ৰবীণ বড়োৱে এয়া আছুৰ লগত সংঘাতৰ বাবে নহয় সহযোগিতাৰ বাবেহে এই সন্মিলন গঠন কৰা হ’ব বুলি মন্তব্য কৰি জাতীয় ইছ্যুবোৰত সহযোগিতা কৰিব বুলি মন্তব্য কৰে ।

অৱশেষত আছুৰ বাধা ওফৰাবলৈ সক্ষম নহ’ল যদিও প্ৰাক্তন আছু নেতা-কৰ্মী সকল একত্ৰিত হ’ব বুলি প্ৰবীণ বড়োৱে মন্তব্য কৰে।