NORTHEAST NOW (Assamese)
অসম

শগুণ যেতিয়া মৰে বহু ওপৰলৈ যায়, বি জে পিও ধ্বংস হোৱাটো খাটাং — ভৱিষ্যতবাণী কৰিলে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে

Posted by: মীনাক্ষী ফুকন Updated by: মীনাক্ষী ফুকন February 13, 2021 7:56 pm
IMG_20210213_185551

গোলাঘাটত কংগ্ৰেছৰ অসম বচাও আহক অভিযান আৰম্ভ কৰিলে  কংগ্ৰেছৰ সাংসদ  প্ৰদ্যুৎ বৰদলৈ সহ এটা সঁজাতি দলে।

অভিযানত  দুবছৰৰ পূৰ্বে দেশ কপোৱা বিষাক্ত চুলাই মদ খাই মৃত্যু মুখত পৰা গোলাঘাট শালমৰাৰ ভুক্তভোগী পৰিয়ালৰ খবৰ লয় দলটোৱে ।

ইয়াৰে পিছতে  গোলাঘাট নগৰৰ বাটা পইন্টত ভাষণ ৰাখে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ।

গোলাঘাট কংগ্ৰেছৰ কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি  অসম বচাও আহক অভিযানক গছত গৰু উঠা কথা বুলি মন্তব্য কৰা মন্ত্ৰী অতুল বৰাৰ ওপৰত খৰ্গহস্ত হৈ মন্ত্ৰী জনৰ  নিজৰেই চৰিত্ৰ  নাই বুলি কয় কটাক্ষ কৰে সাংসদ  প্ৰদ্যুৎ বৰদলৈয়ে  ।

নিজৰ চৰিত্ৰ নথকা মানুহ জনৰ গাত কেনেকৈ আঞ্চলিক চাহাবৰ চৰিত্ৰ থাকিব?

লাজ বোলা বস্তুয়েই নাই মন্ত্ৰী অতুল বৰাৰ বুলিও তেওঁ কটাক্ষ কৰে।

তিনি মাহৰ পাছত গম পাব অতুল বৰাই, ভৰিৰ তলৰ মাটি নাইকীয়া হৈ যাব। অসম খন অকল বিজেপিয়ে ধ্বংস কৰা নাই, পাঁচ জনীয়া অগপও আছে বুলি তেওঁ কয়।

গতিকে বোকাখাত  সমষ্টিৰ পৰা আকৌ  অতুল বৰাই জিকিব পাৰিবানে বুলিও প্ৰশ্ন কৰে প্ৰদ্যুৎ বৰদলৈয়ে।

ইফালে ধূতি লুঙি প্ৰসঙ্গ সন্দৰ্ভত কয় যে হিমন্ত বিশ্বই সৰুতে লুঙি পিন্ধি শুইছিল। বদৰুদ্দিনক হিমন্ত বিশ্বইহে হুজুৰ বুলি কয়। শগুন যেতিয়া মৰে বহু ওপৰলৈ যায় বুলি উল্লেখ কৰি  তেওঁ কয় যে এইবাৰ বিজেপি ধ্বংস  হোৱাটো খাটাং।