NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰ নগৰত জুৱাৰী আটক; জব্দ নগদ ধন

Posted by: পার্শ্বজোতি গগৈ, শিৱসাগৰ Updated by: পার্শ্বজোতি গগৈ, শিৱসাগৰ June 7, 2022 9:44 am

শিৱসাগৰ নগৰত চাৰিজন জুৱাৰীক আটক কৰা হৈছে। শিৱসাগৰ নগৰৰ অ’এনজিচিৰ সমীপৰ পৰা জুৱা খেলি থকা অৱস্থাত চাৰিজন লোকক আটক কৰে আৰক্ষীয়ে। আন দুজন জুৱাস্থলীৰ পৰা পলায়ন কৰে।

শিৱসাগৰ জিলাৰ আৰক্ষী উপ অধীক্ষক ডেইজি গগৈৰ নেতৃত্বত আটক কৰা জুৱাৰী কেইটা হৈছে নগৰৰ বিজি ৰোডৰ সুভাষ দাস, লক্ষীমপুৰ ফুকন নগৰৰ অনুপম ফুকন, সোনাৰী ৰঙাপথাৰৰ বিকাশ বৰগোঁহাই আৰু ডিমৌ নিতাই পুখুৰীৰ মিত্ৰজিল টায়ে বুলি জানিব পৰা গৈছে।

জুৱাস্থলীৰ পৰা আৰক্ষীয়ে ২৭২৯০ টকা নগদ ধন আৰু দুজাপ টাচ কাৰ্ড জব্দ কৰে। গেম্বলিং এণ্ড বেটিং আইনৰ আধাৰত আৰক্ষীয়ে জুৱাৰী কেইটাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।