NORTHEAST NOW (Assamese)
অসম

BIG BREAKING মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ আগমুহূৰ্তত বিধায়ক ৰূপজ্যোতি কু্ৰ্মীৰ বাসগৃহত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ অভিযান

Posted by: এন ই নাও নিউজ,গুৱাহাটী,পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ,এন ই নাও নিউজ,টিয়ক Updated by: এন ই নাও নিউজ,গুৱাহাটী,পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ,এন ই নাও নিউজ,টিয়ক June 8, 2022 4:17 pm

মন্ত্ৰী সভাৰ সম্প্ৰসাৰণৰ সময়তে শাসকীয় বিজেপি দলৰ বিধায়ক ৰূপজ্যোতি কু্ৰ্মীৰ বাসগৃহত মুখ্যমন্ত্ৰী তদাৰকী কোষে অভিযান চলোৱাৰ খবৰ পোৱা গৈছে।

কাইলৈৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ আগে আগে এনেদৰে ৰূপজ্যোতি কুৰ্মীৰ ঘৰত মুখ্যমন্ত্ৰী তদাৰকী কোষে অভিযান চলোৱাৰ কথাই বিশেষ তাৎপৰ্য বহন কৰিছে।

এনে তালাচীৰ বিষয়ত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কংগ্ৰেছে । বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই মন্ত্ৰী সভাৰ সম্প্ৰসাৰণৰ সময়তে ৰূপজ্যোতি কু্ৰ্মীৰ বাসগৃহত মুখ্যমন্ত্ৰী তদাৰকী কোষে অভিযান চলোৱাৰ আঁৰত কিবা ৰাজনৈতিক কাৰণ থাকিব পাৰে বুলি মন্তব্য কৰিছে।

শিৱসাগৰ ৰাজীৱ ভৱনত বুধবাৰে দেৱব্ৰত শইকীয়াই সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি কয় যে ৰূপজ্যোতি কু্ৰ্মীৰ ৰাজনৈতিকভাৱে ক্ষতিগ্ৰস্ত হ’ব যেন অনুমান হৈছে। তেওঁৰ শত্ৰু বিজেপিটো আছে নিশ্চয় । তেওঁৰ ওপৰত গোচৰ চলি আছে, সেয়ে মন্ত্ৰীসভাত ল’ব নালাগে বুলি হয়তো কোনোৱাই ক’ব পাৰে।

উল্লেখ্য ৰূপজ্যোতি কুৰ্মীয়ে মন্ত্ৰীসভাত স্থান পাব বুলি ব্যাপক চৰ্চা চলি আছে। কুৰ্মীৰ ঘৰত বিধায়ক পুজিৰ খেলিমেলিৰ বাবেই তেওঁৰ মৰিয়নীৰ ঘৰত তালাচী চলাইছে।

মৰিয়নী সমষ্টিত ২০১১ৰ পৰা ২০১৭ বৰ্ষলৈ বিধায়ক পুঁজিৰ ব্যৱহাৰত ব্যাপক অনিয়ম হোৱা বুলি উঠা অভিযোগৰ ভিত্তিত দুৰ্নীতি নিবাৰক শাখাৰ তীব্ৰ অভিযান মৰিয়নীৰ কেইটাওঁ স্থানত।

বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে বিধায়ক পুঁজি ব্যৱহাৰত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ আছে।

ৰূপজ্যোতি কুৰ্মী  কংগ্ৰেছৰ বিধায়ক হৈ থকাৰ সময়ত BJP ৰ চাহ মৰ্চাৰ ৰাজ্যিক পৰ্যায়ৰ নেতা দুলেন নায়কে মৰিয়নীত বিধায়ক পুঁজিৰ ব্যাপক অনিয়ম হোৱাৰ অভিযোগ তুলি তদন্তৰ দাবী কৰিছিল।

মৰিয়নীৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানক বিতৰণ কৰা বিধায়ক পুঁজি সঠিক ব্যৱহাৰ সম্পৰ্কে তদন্তকাৰী দলটোৱে অভিযান চলায়।

দলটোৱে  মৰিয়নীত থাকি ৩/৪ দিন এই তদন্ত কৰিব  ৷