NORTHEAST NOW (Assamese)
অসম

“শক্তি”হীন হ’ল বিমল বৰা! কাৰ কাৰ পৰা দপ্তৰ কাঢ়ি দিয়া হ’ল জয়ন্ত মল্ল বৰুৱাক?

Posted by: কল্পজোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজোতি শইকীয়া, গুৱাহাটী June 10, 2022 9:19 am

“শক্তি”হীন হ’ল মন্ত্ৰী বিমল বৰা; নন্দিতা গৰ্লোচাক দিয়া হ’ল “শক্তি” দপ্তৰ।

পৰ্যটন দপ্তৰো আঁতৰিল বিমল বৰাৰ পৰা! মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ জয়ন্ত মল্ল বৰুৱাৰ হাতত পৰ্যটন দপ্তৰ!

শক্তি বিভাগত এগৰাকী একেবাৰে নতুন মুখ নন্দিতা গাৰ্লোচা। শক্তি বিভাগত মহিলাক দায়িত্ব দি মহিলা সবলীকৰণৰ পৰিচয় দিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। গৰ্লোছা কিমান দূৰ সফল হয় সেয়া সময়ে ক’ব।

পিছে পৰ্যটন বিভাগটো বিমলৰ পৰা কাঢ়ি নি কিয় দিয়া হ’ল জয়ন্ত মল্ল বৰুৱাক?

তেৰমহীয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ পৰ্যটন দপ্তৰত বিশেষ পাৰদৰ্শিতা দেখুৱাব নোৱাৰিলে নেকি মন্ত্ৰী বিমল বৰাই? তথা বিদ্যুতৰ বিল পৰিশোধ কৰিব নোৱাৰা প্ৰতিষ্ঠানৰ বিৰুদ্ধে জাননী জাৰি কৰি তথা অসম চুক্তিৰ ফলশ্ৰুতিত আমগুৰিত ৭০ মেগাৱাট সম্পন্ন সৌৰশক্তি প্ৰকল্প উন্মোচন কৰিও মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হৃদয় স্পৰ্শ কৰিব নোৱাৰিলে নেকি মন্ত্ৰী বিমল বৰাই?

সুত্ৰ অনুসৰি প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘনিষ্ঠ মন্ত্ৰী বিমল বৰা। তাৰ বিপৰীতে কংগ্ৰেছৰ কাৰ্যকালত দাদা বিগ্ৰেড শিবিৰৰ পৰা বৰ্তমানলৈকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ব্লু আইড বয় হিচাপে স্থান পাই আহিছে জয়ন্তমল্ল বৰুৱাই।

সেই হেতুকে বিজেপিৰ শাসনকালত প্ৰথমবাৰলৈ মন্ত্ৰী হিচাপে স্থান লাভ কৰিলেও পৰ্যটন, জনস্বাস্থ্য কাৰিকৰী বিভাগ, দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগৰ কেবিনেট মন্ত্ৰীৰ মৰ্য্যদা লাভ কৰিলে জয়ন্ত মল্ল বৰুৱাই।

মন্ত্ৰী ৰঞ্জিত দাসৰ জনস্বাস্থ্য কাৰিকৰী বিভাগো তেওঁৰ পৰা কাঢ়ি নি দিয়া হ’ল জয়ন্ত মল্ল বৰুৱাক!

চন্দ্ৰমোহন পাটোৱাৰীৰ দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগো দিয়া হ’ল জয়ন্ত মল্ল বৰুৱাক।

পিছে দাদা হিমন্ত বিশ্ব শৰ্মাৰ মোহত বন্দী হৈ বিজেপিলৈ অহা সমষ্টিত জনপ্ৰিয়তা থকা নেতা সুশান্ত বৰগোহাঁইয়েও লাভ নকৰিলে মন্ত্ৰিত্ব।

প্ৰশ্ন হৈছে; মন্ত্ৰিত্ব লাভ নকৰি অনুতপ্ত হ’ব নেকি সুশান্ত?

মন্ত্ৰিত্ব লাভ বাদেই, দাদা বিগ্ৰেডৰ অন্যতম ৰূপজ্যোতি কুৰ্মীৰ সমষ্টিত ওলোটাই CM ভিজিলেন্সেহে তদন্ত কৰিলে।

কংগ্ৰেছীৰ দপদপনিত থৰকাচুটি হেৰুৱাইছে পুৰণি বিজেপিয়ে। মন্ত্ৰীসভাৰ সম্প্ৰসাৰণত স্থান লাভ কৰাৰ আশাতেই মূল্যবৃদ্ধিক লৈ অদ্ভুত যুক্তি দি মুখ্যমন্ত্ৰীৰ প্ৰশংসাত পঞ্চমুখ হোৱা পুৰণি বিজেপি ডিব্ৰুগড়ৰ প্ৰশান্ত ফুকনেও লাভ নকৰিলে মন্ত্ৰিত্ব। গৰুখুঁটি প্ৰকল্পৰ জৰিয়তে কৰ্মদক্ষতাৰ পৰিচয় দিয়া চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাইয়ো লাভ নকৰিলে মন্ত্ৰিত্ব।

দিচপুৰৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী অতুল বৰাও মন্ত্ৰিত্ব লাভৰ ক্ষেত্ৰত হ’ল এলাগী।

মুঠৰ ওপৰত কংগ্ৰেছীৰ দপদপনিত এতিয়া মুখ নুখুলিলেও চৰম অস্বস্তিত পৰিছে পুৰণি বিজেপি!