NORTHEAST NOW (Assamese)
অসম

Ukraine war: ইউক্ৰেইনে প্ৰতিদিনে ২০০ জনলৈকে সেনা হেৰুৱাইছে: জেলেনস্কিৰ সহযোগী পডোলিয়াক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 10, 2022 10:00 am

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰি জেলেনস্কিৰ এগৰাকী জ্যেষ্ঠ সহযোগীয়ে কয় যে ইউক্ৰেইনে যুদ্ধক্ষেত্ৰত দিনে ১০০ ৰ পৰা ২০০ সৈন্য হেৰুৱাই আছে।

জেলেনস্কিৰ সহযোগী তথা উপদেষ্টা মিখাইলো পডোলিয়াকে বৃহস্পতিবাৰে এটা সাক্ষাৎকাৰত এইকথা কয়।

জেলেনস্কিৰ ঘনিষ্ঠ সহযোগীগৰাকীয়ে কয় যে ডনবাছ অঞ্চলত ৰাছিয়াৰ সৈতে এক সমান যুদ্ধক্ষেত্ৰ তৈয়াৰ কৰিবলৈ ইউক্ৰেইনক শ শ পশ্চিমীয়া যুদ্ধ সৰঞ্জাম  (আৰ্টিলাৰী) ব্যৱস্থাৰ প্ৰয়োজন।

লগতে পঢ়ক: Fast Radio Burst: মহাজাগতিক ৰহস্য! অন্য গেলেক্সিৰ পৰা পৃথিৱীলৈ আহিছে ৰেডিঅ’ সংকেত; কোনে পঠিয়ালে?

এই মুহূৰ্তত কিয়েভে মস্কোৰ সৈতে শান্তি আলোচনা কৰিবলৈ ইচ্ছুক নহয় বুলিও তেওঁ মন্তব্য কৰে।

মিখাইলো পডোলিয়াকে কয় যে ৰাছিয়াই ডনবাছ অধিগ্ৰহণ কৰিবলৈ ব্যাকুল হৈ পৰিছে। সেইকাৰণে তেওঁলোকে ইউক্ৰেইনৰ সৈন্যৰ ওপৰত নিৰ্বিচাৰভাৱে বোমা বর্ষণ কৰি আছে। অঞ্চলটোত ৰাছিয়াৰ সৈন্যই সকলো ধৰণৰ অপাৰমাণৱিক অস্ত্ৰ-যেনে গধুৰ আৰ্টিলাৰী, একাধিক ৰকেট লঞ্চাৰ প্ৰণালী আৰু বিমান আক্ৰমণ চলাই আছে।

লগতে পঢ়ক: ”শক্তি”হীন হ’ল বিমল বৰা! কাৰ কাৰ পৰা দপ্তৰ কাঢ়ি দিয়া হ’ল জয়ন্ত মল্ল বৰুৱাক?

পশ্চিমীয়া দেশসমূহক অধিক অস্ত্ৰ-শস্ত্ৰ প্ৰদান কৰিবলৈ কৰা অনুৰোধৰ পুনৰাবৃত্তি কৰি তেওঁ কয়, “আমাৰ বহুতো সৈনিক নিহত হোৱাৰ কাৰণ হৈছে ইউক্ৰেইন-ৰাছিয়াৰ সৈন্যৰ মাজত থকা সম্পূৰ্ণ বৈপৰীত্য।”