• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“শক্তি”হীন হ’ল বিমল বৰা! কাৰ কাৰ পৰা দপ্তৰ কাঢ়ি দিয়া হ’ল জয়ন্ত মল্ল বৰুৱাক?

বিজেপিত কংগ্ৰেছীৰ আধিপত্য বিস্তাৰত আৰু এখোজ সফল হিমন্ত বিশ্ব!

কল্পজোতি শইকীয়া, গুৱাহাটী by কল্পজোতি শইকীয়া, গুৱাহাটী
June 10, 2022 9:19 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“শক্তি”হীন হ’ল মন্ত্ৰী বিমল বৰা; নন্দিতা গৰ্লোচাক দিয়া হ’ল “শক্তি” দপ্তৰ।

পৰ্যটন দপ্তৰো আঁতৰিল বিমল বৰাৰ পৰা! মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ জয়ন্ত মল্ল বৰুৱাৰ হাতত পৰ্যটন দপ্তৰ!

শক্তি বিভাগত এগৰাকী একেবাৰে নতুন মুখ নন্দিতা গাৰ্লোচা। শক্তি বিভাগত মহিলাক দায়িত্ব দি মহিলা সবলীকৰণৰ পৰিচয় দিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। গৰ্লোছা কিমান দূৰ সফল হয় সেয়া সময়ে ক’ব।

পিছে পৰ্যটন বিভাগটো বিমলৰ পৰা কাঢ়ি নি কিয় দিয়া হ’ল জয়ন্ত মল্ল বৰুৱাক?

Apply Now

তেৰমহীয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ পৰ্যটন দপ্তৰত বিশেষ পাৰদৰ্শিতা দেখুৱাব নোৱাৰিলে নেকি মন্ত্ৰী বিমল বৰাই? তথা বিদ্যুতৰ বিল পৰিশোধ কৰিব নোৱাৰা প্ৰতিষ্ঠানৰ বিৰুদ্ধে জাননী জাৰি কৰি তথা অসম চুক্তিৰ ফলশ্ৰুতিত আমগুৰিত ৭০ মেগাৱাট সম্পন্ন সৌৰশক্তি প্ৰকল্প উন্মোচন কৰিও মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হৃদয় স্পৰ্শ কৰিব নোৱাৰিলে নেকি মন্ত্ৰী বিমল বৰাই?

সুত্ৰ অনুসৰি প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘনিষ্ঠ মন্ত্ৰী বিমল বৰা। তাৰ বিপৰীতে কংগ্ৰেছৰ কাৰ্যকালত দাদা বিগ্ৰেড শিবিৰৰ পৰা বৰ্তমানলৈকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ব্লু আইড বয় হিচাপে স্থান পাই আহিছে জয়ন্তমল্ল বৰুৱাই।

সেই হেতুকে বিজেপিৰ শাসনকালত প্ৰথমবাৰলৈ মন্ত্ৰী হিচাপে স্থান লাভ কৰিলেও পৰ্যটন, জনস্বাস্থ্য কাৰিকৰী বিভাগ, দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগৰ কেবিনেট মন্ত্ৰীৰ মৰ্য্যদা লাভ কৰিলে জয়ন্ত মল্ল বৰুৱাই।

মন্ত্ৰী ৰঞ্জিত দাসৰ জনস্বাস্থ্য কাৰিকৰী বিভাগো তেওঁৰ পৰা কাঢ়ি নি দিয়া হ’ল জয়ন্ত মল্ল বৰুৱাক!

চন্দ্ৰমোহন পাটোৱাৰীৰ দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগো দিয়া হ’ল জয়ন্ত মল্ল বৰুৱাক।

পিছে দাদা হিমন্ত বিশ্ব শৰ্মাৰ মোহত বন্দী হৈ বিজেপিলৈ অহা সমষ্টিত জনপ্ৰিয়তা থকা নেতা সুশান্ত বৰগোহাঁইয়েও লাভ নকৰিলে মন্ত্ৰিত্ব।

প্ৰশ্ন হৈছে; মন্ত্ৰিত্ব লাভ নকৰি অনুতপ্ত হ’ব নেকি সুশান্ত?

মন্ত্ৰিত্ব লাভ বাদেই, দাদা বিগ্ৰেডৰ অন্যতম ৰূপজ্যোতি কুৰ্মীৰ সমষ্টিত ওলোটাই CM ভিজিলেন্সেহে তদন্ত কৰিলে।

কংগ্ৰেছীৰ দপদপনিত থৰকাচুটি হেৰুৱাইছে পুৰণি বিজেপিয়ে। মন্ত্ৰীসভাৰ সম্প্ৰসাৰণত স্থান লাভ কৰাৰ আশাতেই মূল্যবৃদ্ধিক লৈ অদ্ভুত যুক্তি দি মুখ্যমন্ত্ৰীৰ প্ৰশংসাত পঞ্চমুখ হোৱা পুৰণি বিজেপি ডিব্ৰুগড়ৰ প্ৰশান্ত ফুকনেও লাভ নকৰিলে মন্ত্ৰিত্ব। গৰুখুঁটি প্ৰকল্পৰ জৰিয়তে কৰ্মদক্ষতাৰ পৰিচয় দিয়া চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাইয়ো লাভ নকৰিলে মন্ত্ৰিত্ব।

দিচপুৰৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী অতুল বৰাও মন্ত্ৰিত্ব লাভৰ ক্ষেত্ৰত হ’ল এলাগী।

মুঠৰ ওপৰত কংগ্ৰেছীৰ দপদপনিত এতিয়া মুখ নুখুলিলেও চৰম অস্বস্তিত পৰিছে পুৰণি বিজেপি!

কল্পজোতি শইকীয়া, গুৱাহাটী

কল্পজোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

SIRৰ বিৰুদ্ধে নাগৰিক সমাজৰ প্ৰতিবাদ; হায়দৰাবাদত মানৱ শৃংখলত ভাগ ল’লে অৰ্থনীতিবিদ পৰকলা প্ৰভাকৰে

SIRৰ বিৰুদ্ধে নাগৰিক সমাজৰ প্ৰতিবাদ; হায়দৰাবাদত মানৱ শৃংখলত ভাগ ল’লে অৰ্থনীতিবিদ পৰকলা প্ৰভাকৰে

October 25, 2026 12:10 pm
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

October 25, 2026 10:51 am
ৰাজীৱক প্ৰথম লগ পোৱা সেই ৰেষ্টুৰেণ্টখন এতিয়া বন্ধ! ছোনিয়াৰ স্মৃতিৰ ঠিকনাত এতিয়া কি আছে?

ৰাজীৱক প্ৰথম লগ পোৱা সেই ৰেষ্টুৰেণ্টখন এতিয়া বন্ধ! ছোনিয়াৰ স্মৃতিৰ ঠিকনাত এতিয়া কি আছে?

October 25, 2026 10:22 am
ডুমডুমা বাইপাছত একাধিক বাহনৰ সংঘৰ্ষৰ ফলত ঘটা অগ্নিকাণ্ডত ৪ জন নিহত, ২জন আহত

ডুমডুমা বাইপাছত একাধিক বাহনৰ সংঘৰ্ষৰ ফলত ঘটা অগ্নিকাণ্ডত ৪ জন নিহত, ২জন আহত

October 25, 2026 8:44 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

SIRৰ বিৰুদ্ধে নাগৰিক সমাজৰ প্ৰতিবাদ; হায়দৰাবাদত মানৱ শৃংখলত ভাগ ল’লে অৰ্থনীতিবিদ পৰকলা প্ৰভাকৰে

SIRৰ বিৰুদ্ধে নাগৰিক সমাজৰ প্ৰতিবাদ; হায়দৰাবাদত মানৱ শৃংখলত ভাগ ল’লে অৰ্থনীতিবিদ পৰকলা প্ৰভাকৰে

October 25, 2026 12:10 pm
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

October 25, 2026 10:51 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd