• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, November 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

আমেৰিকাৰ আকৰ্ষণীয় চাকৰি এৰি দেশলৈ উভতিছিল নীহাৰিকা! প্ৰথম প্ৰচেষ্টাতে লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ আই পি এছ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 16, 2026 5:20 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাত সুন্দৰ আৰু সুৰক্ষিত কৰ্মজীৱনৰ সুযোগ লাভ কৰাৰ পিছতো বিদেশৰ চাকৰিৰ মোহ ত্যাগ কৰি দেশলৈ উভতি আহিছিল তেওঁ। লক্ষ্য আছিল নিজৰ দেশৰ বাবে কাম কৰা আৰু সাধাৰণ মানুহৰ জীৱনত ইতিবাচক পৰিৱৰ্তন অনা। সেই লক্ষ্য আগত ৰাখিয়েই আৰম্ভ কৰিছিল কঠোৰ পৰিশ্ৰম। অৱশেষত প্ৰথম প্ৰচেষ্টাতে UPSC পৰীক্ষাত সফলতা লাভ কৰি IPS বিষয়া হিচাপে নিৰ্বাচিত হয় নীহাৰিকা ভাট। বৰ্তমান দিল্লী আৰক্ষীৰ উপ-আৰক্ষী আয়ুক্ত (DCP) হিচাপে দায়িত্ব পালন কৰি থকা নীহাৰিকাৰ জীৱন-সংগ্ৰাম এতিয়া দেশৰ বহু যুৱক-যুৱতীৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে।

নীহাৰিকাৰ জন্ম উত্তৰ প্ৰদেশৰ মোৰাদাবাদত। পৰৱৰ্তী সময়ত লক্ষ্ণৌৰ পৰা অভিযান্ত্ৰিক বিষয়ত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰে তেওঁ। উচ্চশিক্ষাৰ বাবে ইয়াৰ পিছতে আমেৰিকালৈ যায় নীহাৰিকা। তাত থকা প্ৰসিদ্ধ মিশিগান বিশ্ববিদ্যালয়ৰ পৰা জৈৱ-ৰাসায়নিক অভিযান্ত্ৰিকীত এমটেক ডিগ্ৰী লাভ কৰে। শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত ৱাশ্বিংটন ডিচিত এগৰাকী গৱেষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল তেওঁ। সকলো দিশৰ পৰা এক সুন্দৰ আৰু সুৰক্ষিত ভৱিষ্যত গঢ়াৰ সুযোগ আছিল তেওঁৰ সন্মুখত। কিন্তু সেই জীৱন এৰি নিজৰ দেশলৈ উভতি অহাৰ সিদ্ধান্ত লয় নীহাৰিকাই।

Apply Now

আমেৰিকাৰ প্ৰতিষ্ঠিত কৰ্মজীৱন এৰি ভাৰতলৈ উভতি অহাৰ সিদ্ধান্তৰ আঁৰত কোনো বাধ্যবাধকতা নাছিল বুলি স্পষ্ট কৰিছে নীহাৰিকাই। তেওঁৰ মতে, বিশ্বৰ এখন আগশাৰীৰ বিশ্ববিদ্যালয়ৰ ডিগ্ৰী, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্ম অভিজ্ঞতা আৰু সুন্দৰ ভৱিষ্যতৰ সম্ভাৱনা থকাৰ পিছতো নিজৰ দেশ আৰু সমাজৰ বাবে পোনপটীয়াকৈ কাম কৰাৰ ইচ্ছাই তেওঁক উভতি আহিবলৈ প্ৰেৰণা যোগাইছিল।

নীহাৰিকাৰ মতে, অসামৰিক সেৱাই অতি কম বয়সতে সমাজৰ বৃহৎ সংখ্যক লোকৰ জীৱনত ইতিবাচক প্ৰভাৱ পেলোৱাৰ সুযোগ দিয়ে। সাধাৰণ মানুহৰ দৈনন্দিন সমস্যা সমাধানৰ বাবে পোনপটীয়াকৈ কাম কৰাৰ সুবিধা আছে এই সেৱাত। এই লক্ষ্যকে সাৰোগত কৰি আমেৰিকাৰ চাকৰি এৰি ভাৰতলৈ উভতি আহে তেওঁ। ইয়াৰ পিছতে UPSC পৰীক্ষাৰ প্ৰস্তুতি আৰম্ভ কৰি প্ৰথম প্ৰচেষ্টাতে সফলতা লাভ কৰে। IPS বিষয়া হিচাপে নিৰ্বাচিত হোৱাৰ পিছত ঋষিকেশত এগৰাকী ষ্টেচন হাউছ অফিচাৰ (SHO) হিচাপে আৰম্ভ হৈছিল তেওঁৰ আৰক্ষীৰ কৰ্মজীৱন।

UPSC পৰীক্ষাৰ প্ৰস্তুতি সন্দৰ্ভত নীহাৰিকাৰ পৰামৰ্শ, কেৱল বহু কিতাপ সংগ্ৰহ কৰিলেই সফলতা লাভ কৰিব নোৱাৰি। প্ৰতিটো বিষয়ৰ বাবে এখনকৈ ভাল কিতাপ নিৰ্বাচন কৰি সেইখন বাৰে বাৰে মনোযোগেৰে অধ্যয়ন কৰাটো অধিক জৰুৰী। তেওঁৰ মতে, কোনো এটা বিষয়ত স্পষ্ট ধাৰণা গঢ়ি তুলিবলৈ বিষয়টো গভীৰভাৱে বুজি একাধিকবাৰ পঢ়িব লাগে। ইয়াৰ ফলত পৰীক্ষাৰ সময়ত প্ৰশ্নৰ উত্তৰ সুন্দৰ আৰু যুক্তিসংগতভাৱে লিখাত সহায় হয়।

বিশেষ কথাটো হ’ল, কোনো প্ৰথাগত প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সহায় নোলোৱাকৈয়ে UPSC পৰীক্ষাত সফল হৈছিল নীহাৰিকা। নিয়মীয়াকৈ বাতৰি কাকত পঢ়া, সাম্প্ৰতিক ঘটনাৰ বিষয়ে খবৰ ৰখা আৰু প্ৰতিটো বিষয়ৰ মৌলিক ধাৰণা স্পষ্ট কৰি লোৱাক তেওঁ সফলতাৰ অন্যতম চাবিকাঠি বুলি গণ্য কৰে।

দূৰৱৰ্তী অঞ্চলৰ পৰা অহা ছাত্ৰ-ছাত্ৰীৰ UPSC প্ৰস্তুতিৰ প্ৰসংগত ডিজিটেল ব্যৱস্থাৰ প্ৰসাৰক এক ডাঙৰ সুযোগ বুলি অভিহিত কৰিছে নীহাৰিকাই। তেওঁৰ মতে, ইণ্টাৰনেটৰ সুবিধাৰ বাবে এতিয়া শিক্ষাৰ সমল বহু সহজে লাভ কৰিব পাৰি। তেওঁৰ প্ৰস্তুতিৰ সময়ৰ তুলনাত বৰ্তমানৰ প্ৰজন্মৰ হাতত অনলাইনযোগে অধ্যয়নৰ বহু বেছি সুবিধা আছে। যিসকলৰ অফলাইন প্ৰশিক্ষণ লোৱাৰ সামৰ্থ্য বা সুযোগ নাই, তেওঁলোকেও অনলাইন মাধ্যমৰ সহায়ত নিজৰ প্ৰস্তুতি অব্যাহত ৰাখিব পাৰে।

সৰু চহৰ বা গাঁৱত বাস কৰিলেই যে ডাঙৰ সপোন দেখিব নোৱাৰি, তেনে নহয় বুলিও মন্তব্য কৰে তেওঁ। নীহাৰিকাৰ মতে, সফলতা লাভৰ ক্ষেত্ৰত কেৱল সা-সুবিধাৰ প্ৰাচুৰ্যই গুৰুত্বপূৰ্ণ নহয়, ইয়াৰ বিপৰীতে ব্যক্তিৰ ইচ্ছাশক্তি, একাগ্ৰতা আৰু কঠোৰ পৰিশ্ৰমেহে লক্ষ্যত উপনীত হোৱাত সহায় কৰে।

নিজৰ প্ৰস্তুতিৰ সময়ৰ এটা অভিজ্ঞতাৰ কথাও উল্লেখ কৰে নীহাৰিকাই। অভিযান্ত্ৰিকী আৰু বিজ্ঞানৰ ছাত্ৰী হোৱা সত্ত্বেও UPSC পৰীক্ষাত ঐচ্ছিক বিষয় হিচাপে সমাজতত্ত্ব (Sociology) বাছনি কৰিছিল তেওঁ। বিজ্ঞানৰ পটভূমিৰ পৰা অহাৰ বাবে আৰম্ভণিতে কলা শাখাৰ বিষয়সমূহ বুজি পোৱা আৰু সেই অনুসৰি পৰীক্ষাৰ উত্তৰ লিখাত কিছু অসুবিধাৰ সন্মুখীন হৈছিল। তেওঁৰ মতে, কোনো এটা বিষয়ৰ বিষয়ে জ্ঞান থকা আৰু পৰীক্ষাৰ বহীত সেই জ্ঞান সঠিকভাৱে প্ৰকাশ কৰিব পৰাটো সম্পূৰ্ণ পৃথক দুটা দক্ষতা। বিশেষকৈ বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীয়ে মানৱীয় বিষয়ৰ উত্তৰ লিখাৰ নিজস্ব শৈলী আয়ত্ত কৰিবলৈ বিষয়টোৰ অভিজ্ঞ লোকৰ পৰামৰ্শ লোৱা উচিত। এই শৈলী আয়ত্ত কৰিবলৈ নিজৰো কিছু সময় লাগিছিল বুলি স্বীকাৰ কৰে নীহাৰিকাই।

চিকিৎসকৰ পৰিয়ালত জন্মগ্ৰহণ কৰিও চিকিৎসা বৃত্তিৰ পৰিৱৰ্তে অভিযান্ত্ৰিকী বাছনি কৰিছিল নীহাৰিকাই। মোৰাদাবাদত জন্ম হ’লেও তেওঁৰ শৈশৱ আৰু কৈশোৰ পাৰ হৈছিল লক্ষ্ণৌ আৰু আলিগড়ত। তেওঁৰ পিতৃ এগৰাকী চিকিৎসক আৰু মাতৃ গৃহিণী। পৰিয়ালত চিকিৎসক আৰু অধিবক্তা থাকিলেও অসামৰিক সেৱাৰ সৈতে পূৰ্বে কোনো লোক জড়িত নাছিল। পিতৃ চিকিৎসক হোৱাৰ পিছতো জীৱবিজ্ঞানৰ প্ৰতি বিশেষ আগ্ৰহ নথকাত চিকিৎসা বিজ্ঞানৰ পৰিৱৰ্তে অভিযান্ত্ৰিকী অধ্যয়নৰ সিদ্ধান্ত লৈছিল তেওঁ। অৱশ্যে, নিজৰ পেছা নিৰ্বাচনৰ ক্ষেত্ৰত পৰিয়ালৰ পৰা কোনো হেঁচা লাভ কৰা নাছিল নীহাৰিকাই। বৰঞ্চ নিজৰ ভৱিষ্যতৰ পথ নিজেই বাছনি কৰাৰ সম্পূৰ্ণ স্বাধীনতা লাভ কৰিছিল তেওঁ।

আমেৰিকাৰ গৱেষণাগাৰৰ পৰা ভাৰতীয় আৰক্ষী সেৱালৈ নীহাৰিকা ভাটৰ এই যাত্ৰাই পুনৰ প্ৰমাণ কৰিলে, সফলতাৰ বাবে কেৱল সুযোগ আৰু সা-সুবিধাই যথেষ্ট নহয়। নিজৰ লক্ষ্যৰ প্ৰতি দৃঢ়তা, সাহসী সিদ্ধান্ত আৰু একাগ্ৰতাই যে জীৱনৰ গতিপথ সলনি কৰিব পাৰে, তাৰেই এক উদাহৰণ নীহাৰিকা।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাৰ আকৰ্ষণীয় চাকৰি এৰি দেশলৈ উভতিছিল নীহাৰিকা! প্ৰথম প্ৰচেষ্টাতে লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ আই পি এছ

আমেৰিকাৰ আকৰ্ষণীয় চাকৰি এৰি দেশলৈ উভতিছিল নীহাৰিকা! প্ৰথম প্ৰচেষ্টাতে লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ আই পি এছ

November 16, 2026 5:20 pm
বিলকিছ বানোৰ গণধৰ্ষণ আৰু পৰিয়ালৰ ৭ সদস্যক হত্যাৰ গোচৰ! দুজন দোষীক চৰ্তসাপেক্ষে জামিন দিলে উচ্চতম ন্যায়ালয়ে

বিলকিছ বানোৰ গণধৰ্ষণ আৰু পৰিয়ালৰ ৭ সদস্যক হত্যাৰ গোচৰ! দুজন দোষীক চৰ্তসাপেক্ষে জামিন দিলে উচ্চতম ন্যায়ালয়ে

November 16, 2026 3:44 pm
এনকাউণ্টাৰত নিহত চি আৰ পি এফৰ শিবিৰত আক্ৰমণৰ লগত জড়িত লস্কৰ উগ্ৰপন্থী লতিফ আৰু সহযোগী

এনকাউণ্টাৰত নিহত চি আৰ পি এফৰ শিবিৰত আক্ৰমণৰ লগত জড়িত লস্কৰ উগ্ৰপন্থী লতিফ আৰু সহযোগী

November 16, 2026 3:18 pm
বন্ধুৰ সৈতে ফুৰিবলৈ গৈ ‘অঘটন’, জংঘলত উদ্ধাৰ ইণ্ডিগোৰ মহিলা কৰ্মীৰ ৰক্তাক্ত দেহ; সংগীৰ ভাষ্যত সন্দেহ

বন্ধুৰ সৈতে ফুৰিবলৈ গৈ ‘অঘটন’, জংঘলত উদ্ধাৰ ইণ্ডিগোৰ মহিলা কৰ্মীৰ ৰক্তাক্ত দেহ; সংগীৰ ভাষ্যত সন্দেহ

November 16, 2026 1:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাৰ আকৰ্ষণীয় চাকৰি এৰি দেশলৈ উভতিছিল নীহাৰিকা! প্ৰথম প্ৰচেষ্টাতে লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ আই পি এছ

আমেৰিকাৰ আকৰ্ষণীয় চাকৰি এৰি দেশলৈ উভতিছিল নীহাৰিকা! প্ৰথম প্ৰচেষ্টাতে লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ আই পি এছ

November 16, 2026 5:20 pm
বিলকিছ বানোৰ গণধৰ্ষণ আৰু পৰিয়ালৰ ৭ সদস্যক হত্যাৰ গোচৰ! দুজন দোষীক চৰ্তসাপেক্ষে জামিন দিলে উচ্চতম ন্যায়ালয়ে

বিলকিছ বানোৰ গণধৰ্ষণ আৰু পৰিয়ালৰ ৭ সদস্যক হত্যাৰ গোচৰ! দুজন দোষীক চৰ্তসাপেক্ষে জামিন দিলে উচ্চতম ন্যায়ালয়ে

November 16, 2026 3:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd