• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, November 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

এনকাউণ্টাৰত নিহত চি আৰ পি এফৰ শিবিৰত আক্ৰমণৰ লগত জড়িত লস্কৰ উগ্ৰপন্থী লতিফ আৰু সহযোগী

ইতিমধ্যে কুলগাম জিলা আৰু ইয়াৰ আশে-পাশে থকা স্পৰ্শকাতৰ অঞ্চলসমূহত নিৰাপত্তা বহুগুণে বৃদ্ধি কৰা হৈছে। উপত্যকাটোত শান্তি-শৃংখলা বজাই ৰাখিবলৈ আৰু কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ অতিৰিক্ত বাহিনী মোতায়েন কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 16, 2026 3:18 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জম্মু-কাশ্মীৰৰ কুলগামত ভাৰতীয় সেনাৰ বাবে এক বৃহৎ সফলতা লাভ। এনকাউণ্টাৰত নিহত হৈছে দুই লস্কৰ উগ্ৰপন্থী। খবৰ অনুসৰি শেহতীয়াকৈ চি আৰ পি এফ শিবিৰত সংঘটিত আক্ৰমণৰ লগত জড়িত আছিল এই উগ্ৰপন্থী দুজন।

নিহত উগ্ৰপন্থীৰ ভিতৰত এজন আছিল মোষ্ট  ৱান্টেড লস্কৰ অপাৰেটিভ লতিফ ভাট। তেওঁৰ লগতে  ৰক্তাক্ত এনকাউণ্টাৰত নিৰাপত্তাৰক্ষীৰ গুলীত আন এজন সহযোগী নিহত হয়।
যোৱা সপ্তাহত জম্মু-কাশ্মীৰৰ কুলগামত উগ্ৰপন্থীয়ে চি আৰ পি এফ শিবিৰত আক্ৰমণ চলাইছিল। সেই ঘটনাত কেইবাজনো নিৰাপত্তা বাহিনীৰ জোৱান আহত হয়। সন্ত্ৰাসবাদী কাণ্ডৰ পিছত ভাৰতীয় সেনা, জম্মু-কাশ্মীৰ আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে যৌথভাৱে সমগ্ৰ অঞ্চলটোত পূৰ্ণাংগ কম্বিং অভিযান আৰম্ভ কৰিছিল।
চোৰাংচোৱাৰ সূত্ৰৰ পৰা নিৰ্দিষ্ট তথ্য লাভ কৰাৰ পিছত নিৰাপত্তা বাহিনীয়ে কুলগামৰ এটা নিৰ্দিষ্ট এলেকা ঘেৰাও কৰি সন্ত্ৰাসবাদীক আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিয়ে। কিন্তু সন্ত্ৰাসবাদীয়ে নিৰাপত্তা বাহিনীৰ ওপৰত গুলীচালনা কৰিবলৈ আৰম্ভ কৰে, যাৰ ফলত দুয়োপক্ষৰ মাজত তীব্ৰ সংঘৰ্ষ হয়।
কুলগাম আক্ৰমণৰ ২৪ ঘণ্টাৰ ভিতৰতে কিস্তৱাৰ জিলাত আন এক মৰ্মান্তিক আক্ৰমণ সংঘটিত কৰে উগ্ৰপন্থীয়ে। সন্ত্ৰাসবাদীৰ গুলীত প্ৰাণ হেৰুৱায় দুজন বিশেষ আৰক্ষী বিষয়া বাবী চান্দ আৰু যশপাল কুমাৰে। তথ্য অনুসৰি উগ্ৰপন্থী বিৰোধী বিশেষ অভিযানৰ অংশ হিচাপে সেনাবাহিনীত যোগদান কৰিবলৈ নিৰ্দিষ্ট পথেৰে আগবাঢ়িছিল আৰক্ষী দুজন। সেই মুহূৰ্ততে এম্বুছত প্ৰাণ হেৰুৱায়।
একেৰাহে দুটাকৈ গুৰুতৰ আক্ৰমণত সষ্টম হৈ পৰিছিল কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনী। সোমবাৰে সংবাদ মাধ্যমৰ আগত চি আৰ পি এফৰ বিশেষ সঞ্চালক প্ৰধান সন্দীপ খিৰৱাৰে কয় যে কুলগাম আৰু কিষ্টৱাৰত সংঘটিত ভয়ানক ঘটনাৰ পিছত সমগ্ৰ জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনীক সৰ্বোচ্চ পৰ্যায়ত সতৰ্কতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ আৰু চোৰাংচোৱা নেটৱৰ্ক শক্তিশালী কৰিবলৈ নিৰ্দেশ দিয়া হৈছে যাতে ভৱিষ্যতে এনেধৰণৰ এম্বুছ ৰোধ কৰিব পৰা যায়।
ইতিমধ্যে কুলগাম জিলা আৰু ইয়াৰ আশে-পাশে থকা স্পৰ্শকাতৰ অঞ্চলসমূহত  নিৰাপত্তা বহুগুণে বৃদ্ধি কৰা হৈছে। উপত্যকাটোত শান্তি-শৃংখলা বজাই ৰাখিবলৈ আৰু কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ অতিৰিক্ত বাহিনী মোতায়েন কৰা হৈছে।
চোৰাংচোৱা সংস্থাসমূহে আশংকা কৰিছে যে এই দুজন উগ্ৰপন্থীৰ মৃত্যুৱে তেওঁলোকৰ আন শ্লিপাৰ চেলবোৰক শলঠেকত পেলালেও নিৰাপত্তা বাহিনীয়ে কোনো ধৰণৰ শিথিলতা দেখুৱাবলৈ অনিচ্ছুক।
Apply Now
এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এনকাউণ্টাৰত নিহত চি আৰ পি এফৰ শিবিৰত আক্ৰমণৰ লগত জড়িত লস্কৰ উগ্ৰপন্থী লতিফ আৰু সহযোগী

এনকাউণ্টাৰত নিহত চি আৰ পি এফৰ শিবিৰত আক্ৰমণৰ লগত জড়িত লস্কৰ উগ্ৰপন্থী লতিফ আৰু সহযোগী

November 16, 2026 3:18 pm
বন্ধুৰ সৈতে ফুৰিবলৈ গৈ ‘অঘটন’, জংঘলত উদ্ধাৰ ইণ্ডিগোৰ মহিলা কৰ্মীৰ ৰক্তাক্ত দেহ; সংগীৰ ভাষ্যত সন্দেহ

বন্ধুৰ সৈতে ফুৰিবলৈ গৈ ‘অঘটন’, জংঘলত উদ্ধাৰ ইণ্ডিগোৰ মহিলা কৰ্মীৰ ৰক্তাক্ত দেহ; সংগীৰ ভাষ্যত সন্দেহ

November 16, 2026 1:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd