ছটপূজাৰ অন্তিম দিনটোত দিল্লীৰ যমুনা নদীৰ প্ৰদূষণক কেন্দ্ৰ কৰি পুনৰ উত্তপ্ত হৈ পৰিছে ৰাজনৈতিক পৰিৱেশ। নদীৰ বুকুত বিয়পি পৰা ঘন বগা ফেনৰ মাজতে হাজাৰ হাজাৰ মৰা মাছ ওপঙি উঠাৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। এই ঘটনাক লৈ শাসকীয় বিজেপি আৰু বিৰোধী আম আদমী পাৰ্টিৰ মাজত আৰম্ভ হৈছে তীব্ৰ অভিযোগ-প্ৰত্যাভিযোগ। যমুনা পৰিষ্কাৰৰ নামত কেৱল বিজ্ঞাপনী প্ৰচাৰ চলাই কোটি কোটি টকা ব্যয় কৰাৰ অভিযোগ তুলিছে আপে। আনহাতে, যমুনা পৰিষ্কাৰৰ চৰকাৰী প্ৰচেষ্টা ব্যৰ্থ কৰিবলৈ আপে পৰিকল্পিতভাৱে নদীত মৰা মাছ পেলোৱাৰ অভিযোগ আনিছে বিজেপিয়ে।
সমাজমাধ্যমত এটা ভিডিঅ’ প্ৰকাশ কৰি দিল্লীৰ বিজেপি চৰকাৰক তীব্ৰ আক্ৰমণ কৰিছে আপে। ভিডিঅ’টোত যমুনাৰ ঘন বগা ফেনৰ মাজতে থিয় হৈ ভক্তসকলে ছটপূজা পালন কৰা দেখা গৈছে। আপৰ অভিযোগ, যমুনা পৰিষ্কাৰৰ নামত কোটি কোটি টকা বিজ্ঞাপন আৰু জনসংযোগৰ নামত ব্যয় কৰা হৈছে যদিও বাস্তৱত নদীৰ প্ৰদূষণ হ্ৰাস কৰাৰ ক্ষেত্ৰত চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। ছটপূজাৰ দৰে এক বৃহৎ ধৰ্মীয় উৎসৱত ভক্তসকলক বিষাক্ত ফেনৰ মাজত নামি পূজা কৰিবলৈ বাধ্য কৰাটোৱে চৰকাৰৰ ব্যৱস্থাপনাৰ প্ৰকৃত ছবি উদঙাই দিছে।
আপৰ দিল্লী শাখাৰ মুৰব্বী সৌৰভ ভৰদ্বাজেও একাধিক সমাজমাধ্যমৰ পোষ্টৰ জৰিয়তে যমুনাৰ দুৰৱস্থাক লৈ চৰকাৰক প্ৰশ্ন কৰিছে। যদিহে যমুনা সঁচাকৈয়ে পৰিষ্কাৰ কৰা হৈছে, তেন্তে নদীত হাজাৰ হাজাৰ মৰা মাছ কেনেকৈ ওলাল বুলি প্ৰশ্ন কৰে তেওঁ। ইয়াৰ উপৰি মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই পৰিদৰ্শন কৰা ৪.৫ পুস্তা ঘাটতো পোহৰৰ ব্যৱস্থা নাছিল বুলি অভিযোগ কৰে সৌৰভ ভৰদ্বাজে। তেওঁৰ দাবী, ছটপূজাৰ দৰে গুৰুত্বপূৰ্ণ উৎসৱত ভক্তসকলক ন্যূনতম সা-সুবিধা প্ৰদানতো ব্যৰ্থ হৈছে দিল্লী চৰকাৰ।
ইফালে, যমুনাত হাজাৰ হাজাৰ মৰা মাছ উদ্ধাৰ হোৱা ঘটনাক লৈ আৰম্ভ হৈছে আন এক ৰাজনৈতিক বিতৰ্ক। আপ নেতা সৌৰভ ভৰদ্বাজে জলসিঞ্চন আৰু বান নিয়ন্ত্ৰণ বিভাগৰ বিষয়া সোমনাথ কাশ্যপৰ এটা ভিডিঅ’ প্ৰকাশ কৰিছে। তেওঁৰ অভিযোগ, উচ্চপদস্থ বিষয়াৰ নিৰ্দেশতহে নদীত মৰা মাছ পেলোৱাৰ অভিযোগ দাখিল কৰিবলৈ বাধ্য কৰা হৈছিল বিষয়াগৰাকীক। ভিডিঅ’টোত সোমনাথ কাশ্যপে নিজে কোনো লোকক যমুনাত মৰা মাছ পেলোৱা দেখা নাই বুলি কোৱা শুনা গৈছে। লগতে এই বিষয়টো জলসিঞ্চন বিভাগৰ অধীনৰ নহয়, বৰঞ্চ দিল্লী জল ব’ৰ্ড আৰু কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ সৈতে জড়িত বুলিও উল্লেখ কৰা হৈছে। এই ভিডিঅ’ৰ আধাৰতেই মন্ত্ৰী প্ৰৱেশ বাৰ্মাক প্ৰত্যাহ্বান জনাইছে সৌৰভ ভৰদ্বাজে। আপৰ নেতাসকলৰ বিৰুদ্ধে মৰা মাছ পেলোৱাৰ অভিযোগ কোনে আৰু কাৰ নিৰ্দেশত দাখিল কৰালে, সেই প্ৰশ্ন উত্থাপন কৰিছে তেওঁ।
আনহাতে, আপৰ সকলো অভিযোগ নস্যাৎ কৰিছে দিল্লী বিজেপিয়ে। বিজেপিৰ দাবী, যমুনা পৰিষ্কাৰৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক বিফল কৰিবলৈ আৰু চৰকাৰৰ ভাবমূৰ্তি বিনষ্ট কৰিবলৈ আপে পৰিকল্পিতভাৱে নদীত মৰা মাছ পেলাইছে। বিজেপিয়ে লগতে অভিযোগ কৰিছে যে পূৰ্বাঞ্চলৰ লোকসকলৰ অন্যতম বৃহৎ ধৰ্মীয় উৎসৱ ছটপূজাক নিজৰ ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰিছে আপে। বৰ্তমানৰ চৰকাৰ ক্ষমতালৈ অহাৰ পিছত যমুনাৰ পানীৰ অৱস্থা পূৰ্বতকৈ উন্নত হৈছে বুলিও দাবী কৰিছে বিজেপিয়ে।
এই ঘটনাক লৈ ইতিমধ্যে এখন এজাহাৰ দাখিল কৰা হৈছে বুলি জনাইছে দিল্লী বিজেপিয়ে। লগতে এই ঘটনাৰ সৈতে জড়িত লোকসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণৰো হুংকাৰ দিছে দলটোৱে। কিন্তু প্ৰশ্ন হৈছে, যমুনা পৰিষ্কাৰৰ নামত প্ৰকৃততে কি কাম হৈছে? নদীত মৰা মাছ ওলোৱাৰ আঁৰত কাৰ দায়িত্বহীনতা আছে? প্ৰদূষণৰ দৰে জনস্বাস্থ্যৰ সৈতে জড়িত এক গুৰুত্বপূৰ্ণ বিষয়ক লৈ ৰাজনৈতিক আক্ৰমণ-প্ৰত্যাক্ৰমণ চলি থাকিব নে যমুনাৰ প্ৰকৃত পৰিষ্কাৰৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব দিল্লী চৰকাৰে?





