বলিউডৰ বৰ্ষীয়ান অভিনেতা অমিতাভ বচ্চন আৰু তেওঁৰ পুত্ৰ অভিনেতা অভিষেক বচ্চনলৈ মৃত্যুৰ ভাবুকি প্ৰদান কৰিছে গেংষ্টাৰ গোল্ডি ধিল্লোঁনে। দিল্লী আৰক্ষীয়ে তেওঁৰ দুজন সহযোগীক গ্ৰেপ্তাৰ কৰাৰ পাছতো মুম্বাইত অমিতাভ বচ্চনক লক্ষ্য কৰি আক্ৰমণ চলোৱাৰ পৰিকল্পনা বন্ধ হোৱা নাই বুলি সামাজিক মাধ্যমত প্ৰকাশ কৰা এটা পোষ্টত দাবী কৰিছে গেংষ্টাৰজনে। অৱশ্যে পোষ্টটোৰ সত্যতা আৰু তাত উত্থাপন কৰা দাবীসমূহ স্বতন্ত্ৰভাৱে নিশ্চিত হোৱা নাই।
সামাজিক মাধ্যমত দিয়া পোষ্টটোত গোল্ডি ধিল্লোঁনে দাবী কৰিছে যে দিল্লী আৰক্ষীয়ে বিকাশ ঠাকুৰ আৰু দীপক সিঙক গ্ৰেপ্তাৰ কৰিলেও তেওঁলোকৰ পৰিকল্পনাত কোনো প্ৰভাৱ নপৰিব। মুম্বাইত তেওঁৰ প্ৰায় ২০০ সহযোগী সক্ৰিয় হৈ আছে বুলিও দাবী কৰিছে তেওঁ। শিখ সম্প্ৰদায়ৰ বিৰুদ্ধে মন্তব্য কৰা লোকসকলকো আক্ৰমণৰ ভাবুকি প্ৰদান কৰি পোষ্টটোত বিশেষভাৱে অমিতাভ বচ্চন আৰু অভিষেক বচ্চনৰ নাম উল্লেখ কৰা হৈছে। আনকি বুলেটপ্ৰুফ কাঁচৰ আঁৰত থাকিলেও তেওঁলোক সুৰক্ষিত নহ’ব বুলি ভাবুকি দিছে গেংষ্টাৰজনে।
পোষ্টটোত ১৯৮৪ চনৰ শিখবিৰোধী হিংসাত্মক ঘটনাৰ প্ৰসংগও উল্লেখ কৰিছে গোল্ডি ধিল্লোঁনে। সেই হিংসাৰ বাবে দায়ী লোকসকলক কেতিয়াও ক্ষমা কৰা নহ’ব বুলি দাবী কৰাৰ লগতে বিশ্বৰ যিকোনো প্ৰান্তত থাকিলেও শিখ সম্প্ৰদায়ৰ বিৰুদ্ধে মন্তব্য কৰা লোকসকলক জবাবদিহি কৰা হ’ব বুলি সকীয়াই দিছে। অমিতাভ আৰু অভিষেক বচ্চনক উদ্দেশ্যি দিয়া ভাবুকিত তেওঁ দাবী কৰিছে যে তেওঁলোকৰ সুৰক্ষাৰ বাবে যিমানেই বুলেটপ্ৰুফ ব্যৱস্থা কৰা নহওক কিয়, গুলীচালনাৰ পৰা ৰক্ষা নাপাব।
উল্লেখ্য যে শনিবাৰে দিল্লী আৰক্ষীৰ বিশেষ শাখাই লৰেন্স বিষ্ণোই গেঙৰ সৈতে জড়িত দুজনক গ্ৰেপ্তাৰ কৰিছিল। ধৃত লোক দুজন হৈছে পঞ্জাবৰ জলন্ধৰৰ বাসিন্দা বিকাশ ঠাকুৰ ওৰফে ভিকি আৰু তৰন তাৰনৰ বাসিন্দা দীপক সিং ওৰফে দীপ। আৰক্ষীৰ সন্দেহ, দুয়োটা পৰস্পৰৰ সৈতে জড়িত একাধিক আক্ৰমণৰ পৰিকল্পনাৰ অংশ আছিল।
আৰক্ষীৰ সূত্ৰ অনুসৰি, দিল্লীৰ এগৰাকী ব্যৱসায়ীক গুলীয়াই আক্ৰমণ কৰাৰ দায়িত্ব দিয়া হৈছিল বিকাশ ঠাকুৰক। এই উদ্দেশ্যে তেওঁ মুম্বাইৰ পৰা দিল্লীলৈ গৈছিল। আনহাতে, পৰৱৰ্তী সময়ত দীপক সিঙো তেওঁৰ সৈতে যোগ দিয়াৰ কথা আছিল। ধন দাবীৰ উদ্দেশ্যে ব্যৱসায়ীজনক আক্ৰমণ কৰাৰ পৰিকল্পনাৰ তদন্ত চলোৱাৰ সময়তে অমিতাভ বচ্চনক লক্ষ্য কৰি কৰা আন এক ষড়যন্ত্ৰৰ তথ্যও পোহৰলৈ অহাৰ সন্দেহ কৰিছে তদন্তকাৰীসকলে।
ইয়াৰ পূৰ্বেও যোৱা এটা মাহত অমিতাভ বচ্চনৰ মুম্বাইৰ বাসগৃহ ‘জলছা’লৈ তিনিবাৰকৈ বোমা বিস্ফোৰণৰ ভাবুকি সম্বলিত ই-মেইল প্ৰেৰণ কৰা হৈছিল। ইয়াৰ পাছৰে পৰা অভিনেতাজনৰ বাসগৃহৰ সুৰক্ষা ব্যৱস্থা অধিক কটকটীয়া কৰা হৈছে।
সুৰক্ষাৰ এই পৰিৱৰ্তন দেখা গৈছিল অনুৰাগীসকলৰ সৈতে অমিতাভ বচ্চনৰ নিয়মীয়া দেওবৰীয়া সাক্ষাৎৰ সময়তো। সাধাৰণতে প্ৰতিটো দেওবাৰে জলছাৰ বাহিৰত সমবেত হোৱা অনুৰাগীসকলক এখন ওখ মঞ্চত থিয় হৈ তেওঁ অভিবাদন জনায়। কিন্তু ১ নৱেম্বৰত অনুৰাগীসকলৰ সন্মুখত উপস্থিত হোৱা সময়ত অভিনেতাজনক তিনিওফালে সুৰক্ষিত কাঁচেৰে আগুৰি ৰখা হৈছিল। কাঁচৰ সুৰক্ষা বেষ্টনীৰ ভিতৰত থিয় হৈ তেওঁ অনুৰাগীসকলক অভিবাদন জনাইছিল।
এগৰাকী জনপ্ৰিয় অভিনেতাৰ বাসগৃহলৈ বাৰে বাৰে বোমাৰ ভাবুকি আৰু এতিয়া মৃত্যুৰ ভাবুকি—এই ঘটনাই পুনৰ বলিউডৰ তাৰকাসকলৰ সুৰক্ষা ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। দিল্লী আৰক্ষীৰ তদন্তত এই ভাবুকিৰ আঁৰৰ পৰিকল্পনা আৰু ইয়াৰ সৈতে জড়িত লোকসকলৰ বিষয়ে কি তথ্য পোহৰলৈ আহে, সেয়া এতিয়া লক্ষণীয় হ’ব।





