NORTHEAST NOW (Assamese)
Popular Stories

শিক্ষিত মেকুৰী! বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিলে পোহনীয়া মেকুৰীয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 10, 2022 8:31 pm
Graduate Cat

স্নাতক ডিগ্ৰী লাভ কৰিলে এটা মেকুৰীয়ে। মানুহৰ পাছত এইবাৰ উচ্চশিক্ষিত হিচাপে নিজকে পৰিচয় দিবলৈ সক্ষম হৈছে এটা বিশেষ মেকুৰীয়ে। হয়, শুনিবলৈ আজৱ লাগিলেও আমেৰিকা যুক্তৰাষ্ট্ৰত সংঘটিত হৈছে এই বিৰল পৰিঘটনা।

বাতৰি অনুসৰি, অষ্টিন চহৰস্থিত টেক্সাছ বিশ্ববিদ্যালয়ৰ পৰা চুকি নামৰ এই মেকুৰীটোৱে স্নাতক ডিগ্ৰী লাভ কৰিছে। তাৰ পাছতে ভাইৰেল হৈ পৰিছে এই খবৰটো। কিন্তু কেনেকৈ মেকুৰীটোৱে এই ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হ’ল?

দৰাচলতে, চুকিৰ মালিকনী ফ্ৰান্সিছকা ব’ৰদিয়েৰ বিশ্ববিদ্যালয়খনৰ এগৰাকী ছাত্ৰী। ছাত্ৰীগৰাকীয়ে অনলাইল ক্লাছত উপস্থিত থাকোতে তাইৰ সংগী আছিল চুকি। অনলাইন ক্লাছৰ সময়ত প্ৰতিবাৰ ছাত্ৰীগৰাকীৰ কোলাত চুকিক দেখা গৈছিল।

সেয়ে এতিয়া স্নাতক ডিগ্ৰী প্ৰদান অনুষ্ঠানতো চকু উপস্থিত থাকে। ফলস্বৰূপে চুকিও হৈ পৰিল এটা গ্ৰেজুৱেটেড মেকুৰী। অনুষ্ঠানটোত মেধাৱী ছাত্ৰ-ছাত্ৰীসকল নহয়, বৰঞ্চ সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে চুকি।

স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছতে ছাত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে খবৰটো সকলোকে জনায়। তাত তেওঁ লিখিছে যে তাই আৰু তাইৰ মেকুৰী চুকি- দুয়োৱে বিশ্ববিদ্যালয়খনৰ পৰা সুকলমে গ্ৰেজুৱেট ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছে।

দুয়োকে বিশ্ববিদ্যালয় কৰ্তৃপক্ষইও অভিনন্দন জনাইছে। হয়তো ইতিহাসত প্ৰথমবাৰৰ বাবে এটা মেকুৰীয়ে এইদৰে স্নাতক ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হ’ল।