NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত প্ৰথমবাৰৰ বাবে ৰেইকি শিবিৰ

Posted by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ Updated by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ June 11, 2022 3:45 pm

শিৱসাগৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয় ৰেইকি চিকিৎসা পদ্ধতিৰ এক শিবিৰ।

শিৱসাগৰৰ বৰ পুখুৰীৰ পাৰত অৱস্থিত বৌদ্ধ বিহাৰত আয়োজন কৰা এই ৰেইকি চিকিৎসা শিবিৰত অংশ গ্ৰহণ কৰে ৰেইকি গুৰু জুৰি নাথ আৰু ৰুমি নাথে। উক্ত ৰেইকি চিকিৎসা শিবিৰত ৩৫ গৰাকী ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

উল্লেখ্য যে ৰেইকি এক সহয় সৰল বিজ্ঞানভিত্তিক চিকিৎসা পদ্ধতি। এই ৰেইকি চিকিৎসাৰ দ্বাৰা ঔষধ অবিহনে বিনা কষ্টৰে বেমাৰৰ পৰা আৰোগ্য লাভ কৰিব পাৰি।

ৰেইকি এক স্পৰ্শ চিকিৎসা পদ্ধতি। ৰেইকিত দিক্ষা গ্ৰহণ কৰাৰ পিছত ৰেইকিৰ মাধ্যমত গৰাকীয়ে নিজৰ হাত দুখন নিজৰ ওপৰত বা অন্য ব্যক্তি বা ৰোগীৰ ৰোগাগ্ৰস্ত অংগৰ ওপৰত ৰাখি ব্ৰহ্মাণ্ডৰ পৰা মহাজাগতিক শক্তি আহৰণ কৰি সেই শক্তি শৰীৰৰ বিশেষ অসুস্থ অংগলৈ বোৱাই নিব পাৰে।

এই ৰেইকি চিকিৎসা পদ্ধতি জাপানৰ এক প্ৰাচীন তথা পৌৰাণিক চিকিৎসা পদ্ধতি।
ৰেইকি এক জাপানী শব্দ। ৰে মানে সাৰ্বভৌমিকতা যাৰ অৰ্থ আধ্যাত্মিক বুদ্ধিমত্তা আৰু কি শব্দৰ অৰ্থ হল জীৱন শক্তি বা জৈৱ শক্তি।

জাপানৰ এই আধ্যাত্মিক স্পৰ্শ পদ্ধতি অৰ্থাৎ ৰেইকি কালক্ৰমত হেৰাই যোৱাত জাপানৰ ডাঃ মিকাও ইউসুই য়ে ৰেইকি চিকিৎসাৰ পুনঃআৱিষ্কাৰ কৰিছিল।

বৰ্তমান কেৱল জাপানতে নহয়, সমগ্ৰ বিশ্বতে ৰেইকি পদ্ধতিৰে চিকিৎসাৰ প্ৰচলন চলি আহিছে।