NORTHEAST NOW (Assamese)
দেশ

জম্মু-কাশ্মীৰৰ শ্বপিয়ানত সেনাৰ অভিযানত দুই লস্কৰ-ই-তৈবাৰ সদস্য নিহত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 15, 2022 1:45 pm
Terrorists killed in Jammu Kashmir

জম্মু-কাশ্মীৰত অব্যাহত আছে সেনা-আৰক্ষীৰ সন্ত্ৰাসবাদ বিৰোধী অভিযান। আজি উপত্যকাটোৰ শ্বপিয়ানৰ কাঞ্জিউলাৰ অঞ্চলত সংঘটিত হোৱা এক সংঘৰ্ষত সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ (এলইটি) সৈতে সম্পৰ্কিত দুজন সন্ত্ৰাসবাদী নিহত হয়।

নিহত সন্ত্ৰাসবাদী দুজনৰ চিনাক্তকৰণ নিশ্চিত কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

নিহত সন্ত্ৰাসবাদী দুজনৰ এজনক জান মহম্মদ লোন বুলি চিনাক্ত কৰা হৈছে। শেহতীয়াকৈ কুলগাম জিলাত ২ জুনত বেংক মেনেজাৰ বিজয় কুমাৰৰ হত্যাত মহম্মদ লোন জড়িত আছিল বুলি আৰক্ষীয়ে সদৰি কৰিছে।

উল্লেখ্য যে ভূ-স্বৰ্গ জম্মু-কাশ্মীৰত চলিত বৰ্ষত তীব্ৰ ৰূপত চলিছে সন্ত্ৰাসবাদ বিৰোধী অভিযান। সন্ত্ৰাসবাদ নিৰ্মূলৰ লক্ষ্যৰে উপত্যকাটোত চলিত বৰ্ষত ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে যুটীয়াভাৱে অভিযানত নামি পৰিছে।

বৰ্ষটোৰ আৰম্ভণিৰ পৰা এতিয়ালৈকে সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ সময়ত নিৰাপত্তাৰক্ষীয়ে হত্যা কৰিছে মুঠ ১০০ জন সন্ত্ৰাসবাদী সদস্য।

কাশ্মীৰৰ আৰক্ষী মহাপৰিদৰ্শক বিজয় কুমাৰে আজি এক বিবৃতি যোগে এই তথ্য প্ৰকাশ কৰিছে। কুমাৰে উল্লেখ কৰা অনুসৰি নিৰাপত্তাৰক্ষীয়ে এই বৰ্ষত এতিয়ালৈকে মুঠ ১০০ জন সন্ত্ৰাসবাদীক হত্যা কৰিছে।

এই সময়ছোৱাত লস্কৰ-ই-তৈবাৰ সৰ্বাধিক ৬৩ জন সদস্য সেনা-আৰক্ষীৰ অভিযানত নিহত হোৱা বুলি তেওঁ উল্লেখ কৰিছিল। আনহাতে আন এটা পাকিস্তানৰ পৰা পৰিচালিত সন্ত্ৰাসবাদী গোট জৈশ-ই-মহম্মদৰ ২৪ জন সদস্য নিহত হোৱা বুলি তেওঁ লগতে সদৰি কৰিছিল।

জম্মু-কাশ্মীৰৰ শীৰ্ষ আৰক্ষী বিষয়া সকলে লগতে জম্মু-কাশ্মীৰত কমেও ১৬৮ জন সন্ত্ৰাসবাদীয়ে গোপনে কাম কৰি আছে বুলি দাবী কৰিছিল। আনহাতে এই বছৰৰ প্ৰথম চাৰি মাহত ৮৭ জন গ্ৰাউণ্ড ৱৰ্কাৰক আটক কৰা হৈছিল বুলিও তেওঁলোকে জানিবলৈ দিছিল।