NORTHEAST NOW (Assamese)
অসম

ৰাছিয়াৰ সীমান্তত দুৰ্ঘটনাগ্ৰস্ত ইউক্ৰেইনৰ বিমান, গ্ৰেপ্তাৰ পাইলট

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 7, 2023 11:20 am

ৰাছিয়াৰ সীমান্তৱৰ্তী অঞ্চলত দুৰ্ঘটনাগ্ৰস্ত হৈছে ইউক্ৰেইনৰ এখন লঘু বিমান।  ৰাছিয়াৰ কেন্দ্ৰীয় নিৰাপত্তা সংস্থা এফ এছ বিৰ সীমান্তৰক্ষী বাহিনীয়ে এই তথ্য প্ৰকাশ কৰিছে।

দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ পাইলট ৰক্ষা পৰে যদিও তেওঁক গ্ৰেপ্তাৰ কৰা হয়। ৰাছিয়াৰ সীমান্তৰক্ষী বাহিনীয়ে সেয়া সামৰিক বিমান নে অসামৰিক বিমান সেইটো নিশ্চিত কৰিব পৰা নাই ।

লগতে পঢ়ক: জাপানৰ টহলদাৰী সামৰিক হেলিকপ্টাৰ বিধ্বস্ত

দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ পাইলটে মিলিটাৰী ষ্টাইলৰ সাজ-পোছাক পিন্ধিছে আৰু মূৰত বেছবল কেপ লগাইছে। কি কাৰণত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয় সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

ৰাছিয়াৰ সীমান্তৰ পৰা ২৫ কিলোমিটাৰ দূৰত্বৰ বুট’ভস্ক গাঁৱত দুৰ্ঘটনাগ্ৰস্ত হয় বিমানখন। দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ পৰা পাইলটজনে পলায়ন কৰি ইউক্ৰেইনলৈ উভতি যাবলৈ চেষ্টা কৰিছিল যদিও সীমান্তৰক্ষী বাহিনীয়ে ধৰা পেলায়।

লগতে পঢ়ক: কিয় ড’নাল্ড ট্ৰাম্প জেললৈ যোৱাটো ঠিক নহ’ব বুলি ক’লে পৰ্ণ তাৰকা ষ্টৰ্মি ডেনিয়েলছে?

মন কৰিবলগীয়া যে ইয়াৰ পূৰ্বে ইউক্ৰেইনে ৰাছিয়াৰ এই অঞ্চলটোত ড্ৰ’নেৰে আক্ৰমণ চলাইছিল। তাত এজন লোক আহত হৈছিল।