NORTHEAST NOW (Assamese)
অসম

সমাজসেৱী খৰ্গেশ্বৰী নাথৰ বিয়োগত ইলোৰা বিজ্ঞান মঞ্চৰ শোক প্ৰকাশ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 16, 2022 12:58 pm
Ellora Vigyan Manch

ছিপাঝাৰৰ নায়কপাৰা নিবাসী সমাজকৰ্মী, সৰবৰহী মহিলা খৰ্গেশ্বৰী নাথে গত ১৫ জুনত ৭৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে।

যুক্তিবাদী বিজ্ঞান মানসিকতাৰ অধিকাৰী শ্ৰদ্ধেয়া খৰ্গেশ্বৰী নাথৰ বিয়োগত অসমৰ অগ্ৰণী বিজ্ঞান মনষ্কতাৰ প্ৰচাৰক সংস্থা ইলোৰা বিজ্ঞান মঞ্চই গভীৰ শোক প্ৰকাশ কৰিছে আৰু তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে।

মৃত্যুৰ পূৰ্বে খৰ্গেশ্বৰী নাথে ২০১৯ চনতে ইলোৰা বিজ্ঞান মঞ্চৰ দৰং জিলা সমিতিৰ জৰিয়তে চিকিৎসা বিজ্ঞানৰ উন্নতি তথা মানৱ কল্যাণৰ হকে মৰণোত্তৰ দেহদানৰ শেষ ইচ্ছা পত্ৰত স্বাক্ষৰ কৰি গৈছিল।

উল্লেখ্য যে মাতৃৰ পথকে অনুসৰণ কৰি তেখেতৰ পুত্ৰ ভোগৰাম নাথেও মৰণোত্তৰ দেহদান ইচ্ছাপত্ৰত স্বাক্ষৰ কৰি থৈছে।

খৰ্গেশ্বৰী নাথৰ শেষ ইচ্ছা অনুসৰি আৰু তেখেতৰ শেষ ইচ্ছাৰ প্ৰতি সন্মান জনাই ১৫ জুনত গুৱাহাটী মেডিকেল কলেজৰ এনাটমী বিভাগৰ অধ্যাপক তথা ইলোৰা বিজ্ঞান মঞ্চৰ কাৰ্যকৰী সভাপতি ডা৹ জয়দেৱ শৰ্মা আৰু ডা৹ সত্যজিত মিত্ৰৰ উপস্থিতিত মৰণোত্তৰ দেহদান সুকলমে সম্পন্ন হয়।

প্ৰয়াত খৰ্গেশ্বৰী নাথৰ পৰিয়ালৰ সদস্যসকলে ইলোৰা বিজ্ঞান মঞ্চক এই ক্ষেত্ৰত পূৰ্ণ সহযোগিতা আগবঢ়ায়।

ইলোৰা বিজ্ঞান মঞ্চ,দৰং জিলা সমিতিয়ে তেখেতৰ শোকস্তব্ধ পৰিয়ালবৰ্গ আৰু গুণমুগ্ধ সকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰাৰ লগতে প্ৰয়াত খৰ্গেশ্বৰী নাথৰ বাসগৃহত উপস্থিত হৈ তেখেতলৈ অন্তিম শ্ৰদ্ধা নিবেদন কৰে।