NORTHEAST NOW (Assamese)
Popular Stories

মানসিক সন্তুষ্টিৰ মোহ: বিলাসী চাকৰি এৰি গাধৰ ফাৰ্ম খুলিলে গৌড়াই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 16, 2022 2:41 pm
donkey milk farm

প্ৰতিজন ব্যক্তিয়ে নিজৰ জীৱিকাৰ অন্তৰালত অৰ্থৰ সমানে মানসিক শান্তিও বিচাৰে। কোটি টকীয়া চাকৰিত নোপোৱা সুখো কোনো ব্যক্তিয়ে সাধাৰণ দৈনিক উপাৰ্জনতে বিচাৰি পাব পাৰে। তেনে এক উদাহৰণেই দাঙি ধৰিছে মাংগালুৰুৰ এজন ব্যক্তিয়ে।

শ্ৰীনিবাস গৌড়া নামৰ এই ব্যক্তিজনে এক বিলাসী চাকৰি এৰি মাংগালুৰুত নিজ জন্মস্থানতে খুলিছে এখন গাধৰ ফাৰ্ম। ৪২ লাখ টকা বিনিয়োগেৰে গৌড়াই ২০ টা গাধৰ এখন ফাৰ্ম গঢ়ি তুলিছে। গাধৰ গাখীৰৰ উৎপাদনৰ বাবে তেওঁ এৰি আহিছে বিলাসী আই টি কোম্পানীৰ চাকৰি।

নিজৰ এই নতুন কাম সম্পৰ্কে গৌড়াই কয়, “মই ২০২০ চনলৈকে এটা ছফ্টৱেৰ ফাৰ্মত নিযুক্তি লাভ কৰিছিলো। কিন্তু সেই চাকৰি এৰি গাধৰ ফাৰ্মত মনোনিৱেশ কৰোঁ। এইয়া ভাৰত আৰু কৰ্ণাটকৰ প্ৰথম গাধ খেতি আৰু প্ৰশিক্ষণ কেন্দ্ৰ।”

গাধৰ গাখীৰৰ লাভালাভ আৰু খেতিপথাৰৰ বাবে তেওঁৰ পৰিকল্পনাৰ বিষয়ে গৌড়াই কয় যে বৰ্তমান তেওঁৰ ফাৰ্মত ২০ টা গাধ আছে। এই ফাৰ্মখনৰ বাবে তেওঁ প্ৰায় ৪২ লাখ টকা বিনিয়োগ কৰিছে।

গৌড়াই গাধৰ গাখীৰ বিক্ৰী কৰাৰ পৰিকল্পনা কৰি আছে। গৌড়াই জানিবলৈ দিয়া মতে গাধৰ গাখীৰ যথেষ্ট উপকাৰী গুণ আছে। সেয়ে সকলোৰে বাবে গাধৰ গাখীৰ উপলব্ধ কৰাটো তেওঁৰ প্ৰাথমিক লক্ষ্য হিচাপে গ্ৰহণ কৰিছে গৌড়াই।

গৌড়াই কয় যে গাধৰ প্ৰজাতিৰ সংখ্যা হ্ৰাস হোৱাৰ বাবে তেওঁ এই গাধৰ গাখীৰৰ কথা মনলৈ আনিছিল। প্ৰথমে তেওঁৰ এই পৰিকল্পনাৰ কথাত কোনো লোকেই আশ্বস্ত হোৱা নাছিল বুলি গৌড়াই মন্তব্য কৰে।

গৌড়াৰ পৰিকল্পনা অনুসৰি গাধৰ গাখীৰৰ পেকেট শীঘ্ৰেই বজাৰত উপলব্ধ হ’ব আৰু এটা ৩০ মিলিলিটাৰ গাখীৰৰ পেকেটৰ মূল্য প্ৰায় ১৫০ টকা হ’ব।

এই গাখীৰৰ পেকেটসমূহ মল, দোকান আৰু চুপাৰমাৰ্কেটত উপলব্ধ হ’ব বুলি গৌড়াই জানিবলৈ দিছে। তেওঁ লগতে ইতিমধ্যে ১৭ লাখ টকাৰ অৰ্ডাৰ লাভ কৰিছে বুলিও দাবী কৰিছে।