NORTHEAST NOW (Assamese)
দেশ

ৰাষ্ট্ৰপতি নিৰ্বাচন: দোধোৰ মোধোৰত বিৰোধী শিবিৰ, এইবাৰ প্ৰস্তাৱ প্ৰত্যাখ্যান ফাৰুক আব্দুল্লাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 18, 2022 6:58 pm
Farooq Abdullah

দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি কোন হ’ব সেই লৈ অব্যাহত আছে চৰ্চা। ইতিমধ্যে ঘোষিত হৈছে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিন। কিন্তু এতিয়ালৈকে শাসক-হিৰোধী কোনো এটা পক্ষই নিজ প্ৰাৰ্থীৰ নাম সন্মুখলৈ অনা নাই। অৱশ্যে এতিয়ালৈকে শাসকীয় বিজেপিৰ এই লৈ বিশেষ তৎপৰতা চকুত পৰা নাই।

কিন্তু ইয়াৰ বিপৰীতে যুদ্ধগতিৰ ব্যস্ততাত নামি পৰা পৰিলক্ষিত হৈছে বিৰোধী শিবিৰ। কিন্তু এই ব্যস্ততাও মূৰকত হৈছেগৈ ফোটোকাৰ ফেন। কোনো পধ্যেই অংক মিলাব পৰা নাই বিৰোধী শিবিৰে। ব্যাপক জল্পনা-কল্পনাৰ মাজত বিৰোধী শিবিৰৰ পৰা প্ৰথমে শাৰদ পাৱাৰৰ নাম সম্ভাব্য প্ৰাৰ্থীৰ বাবে চৰ্চালৈ অহাৰ পিছত এই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল পাৱাৰে।

ইয়াৰ পিছতে এক বৈঠকত তৃণমূল মুৰব্বী মমতা বেনাৰ্জীয়ে ফাৰুক আব্দুল্লা আৰু গোপালকৃষ্ণ গান্ধীৰ নাম প্ৰস্তাৱ কৰিছিল। কিন্তু আজি মমতাৰ এই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছে ফাৰুক আব্দুল্লাই।

নেচনেল কনফাৰেন্সৰ মুৰব্বী তথা কাশ্মীৰৰ ৰাজনীতিৰ অন্যতম পুৰোধা গৰাকীয়ে আজি বিৰোধী দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত আগবঢ়োৱা প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি কয় যে তেওঁ কেৱল জম্মু-কাশ্মীৰৰ ৰাজনীতিতে থাকিব বিচাৰে। নিজৰ ৰাজনৈতিক জীৱনত তেওঁ জম্মু-কাশ্মীৰলৈয়ে অৱদান আগবঢ়াব বিচাৰে বুলি মন্তব্য কৰে আব্দুল্লাই।

এক বিবৃতিত বয়োজেষ্ঠ নেতাগৰাকীয়ে কয় যে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে তেওঁৰ নাম বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে প্ৰস্তাৱ কৰাত তেওঁ সন্মানিত বোধ কৰিছে। কিন্তু তেওঁ সসন্মানেৰে এই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছে।

তেওঁ কয় যে জম্মু-কাশ্মীৰৰ ৰাজনীতি এক সংকটজনক পৰিস্থিতিৰ মাজেৰে পাৰ হৈ আহিছে আৰু এনে পৰিস্থিতিত উপত্যকাটোৰ ৰাজনৈতিক সুস্থিৰতাৰ বাবে তেওঁৰ প্ৰচেষ্টাৰ প্ৰয়োজন। ভৱিষ্যতে তেওঁৰ আন বহুতো কৰণীয় আছে বুলি উল্লেখ কৰি তেওঁ দেশৰ সেৱাত যথাসাধ্য অৱদান আগবঢ়াই যোৱাৰ বাবে চেষ্টা কৰিব বুলি মন্তব্য কৰে।

অৱশ্যে পদ প্ৰাৰ্থীৰ পৰা নাম প্ৰত্যাহাৰ কৰিলেও বিৰোধীৰ ঐক্যবদ্ধ প্ৰাৰ্থীক সমৰ্থন আগবঢ়াব বুলি তেওঁ প্ৰতিশ্ৰুতি দিয়ে।