NORTHEAST NOW (Assamese)
দেশ

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ গুলীত নিহত আৰক্ষী বিষয়া: খেতিপথাৰত উদ্ধাৰ মৃতদেহ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 18, 2022 8:01 pm
Jammu Kashmir cop killed

জম্মু-কাশ্মীৰত অব্যাহত আছে অশান্তজৰ্জৰ পৰিস্থিতিৰ। উপত্যকাটোত ধাৰাবাহিকভাৱে সেনা-আৰক্ষীৰ সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ সমানে সন্ত্ৰাসবাদী গোটসমূহৰ কাৰ্যকলাপো বৃদ্ধি পাইছে।

শেহতীয়া কিছুদিন ধৰি কেইবাগৰাকীও অসামৰিক লোকক হত্যা কৰাৰ পাছত এইবাৰ উপত্যকাটোত সন্ত্ৰাসবাদীৰ হাতত প্ৰাণ হেৰুৱাইছে এগৰাকী আৰক্ষী বিষয়াই।

আজি জম্মু-কাশ্মীৰৰ পুলৱামা জিলাত সন্ত্ৰাসবাদীয়ে এজন আৰক্ষী বিষয়াক গুলীয়াই হত্যা কৰে। নিহত আৰক্ষী বিষয়া জনৰ মৃতদেহ চাম্বোৰাৰ ধানখেতিত পৰি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে।

নিহত বিষয়া গৰাকীক ফাৰুক আহমেদ মীৰ বুলি চিনাক্ত কৰা হৈছে। মীৰ আৰক্ষীৰ উপ-পৰিদৰ্শক পদত কাৰ্যনিৰ্বাহ কৰি আছিল।

জানিব পৰা মতে যোৱা নিশা পাম্পোৰ অঞ্চলত ফাৰুক আহমেদ মীৰৰ ওপৰত সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰে।

উল্লেখ্য যে মীৰক চিটিচি লেথপোৰাত আইআৰপি ২৩ তম বেটেলিয়নত নিযুক্তি দিয়া হৈছিল। হত্যাকাণ্ডৰ পিছত মৃতদেহ উদ্ধাৰৰ সময়ত মীৰৰ হৃদযন্ত্ৰৰ ওচৰত এটা গুলীৰ আঘাত পোৱা গৈছিল।

প্ৰাথমিক অনুসন্ধানত পোৱা তথ্য অনুসৰি মীৰ কালি সন্ধিয়া তেওঁৰ ধানখেতিত কামৰ বাবে ঘৰৰ পৰা ওলাই গৈছিল। খেতিত থকাৰ সময়তে তেওঁক গুলীয়াই হত্যা কৰা হৈছিল।

অৱশ্যে মীৰৰ হত্যাকাণ্ডত কোন সন্ত্ৰাসবাদী সংগঠন জড়িত হৈ আছে এই বিষয়ে কোনো তথ্য লাভ কৰা নাই বুলি আৰক্ষীয়ে জানিবলৈ দিছে।